নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাৰ ধন আদায় দিব নোৱাৰি পত্নীক ডিঙি চেপি হত্যা স্বামীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মে’ : আমেৰিকা যুক্তৰাষ্ট্রৰ কানছাছ চিটীত ৭৫ বছৰীয়া লোক এজনে চিকিৎসালয়ত চিকিৎসাৰ ধন আদায় দিব নোৱাৰি মৰমৰ পত্নীক ডিঙি চেপি হত্যা কৰা হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে৷ কানছাছ চিটীত চিকিৎসালয়ত ভর্তি হৈ থকা পত্নীৰ বাবে চিকিৎসাৰ ধন আদায় দিব নোৱাৰি অৱশেষত চিকিৎসালয়ৰ বিছনাতে স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক৷ আৰক্ষীৰ আগত হত্যাকাৰী স্বামীয়ে দিয়া স্বীকাৰোক্তি মতে চিকিৎসাৰ ধন আদায় দিব নোৱাৰাৰ ব্যর্থতা আৰু পত্নীক যতন কৰিব নোৱাৰাৰ বাবে হত্যাৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল৷ পত্নীক হত্যা কৰা ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷ মন কৰিব লগীয়া যে আমেৰিকাত চিকিৎসা সেৱাৰ ব্যয় অত্যধিক৷

You might also like