নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেগৰ প্ৰতিবেদনঃ ১১,৭১৭খন ব্যৱহাৰিক প্রমাণ–পত্র (ইউ চি) দাখিল কৰা নাই ৫৫টা বিভাগে

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ ৫৫টা বিভাগে ২০০১–০২ৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষলৈ লাভ কৰা ৩৯,৬২৯.৪৯ কোটি টকা অনুদানৰ বিপৰীতে দাখিল কৰা নাই ১১,৭১৭খন ব্যৱহাৰিক প্রমাণ–পত্র (ইউ চি)৷ অসম বিধানসভাৰ মজিয়াত ২০২১ চনৰ ৩১ মার্চত সমাপ্ত বর্ষটোৰ বাবে আজি দাখিল কৰা ভাৰতৰ নিয়ন্ত্রক আৰু মহা হিচাপ পৰীক্ষক চমুকৈ কেগৰ ৰাজ্যিক বিত্তৰ হিচাপ পৰীক্ষা প্রতিবেদনত এই তথ্য উন্মোচিত হৈছে৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি অসম বিত্তীয় আইনৰ নিয়ম ৫১৭ (পৰিশিষ্ট ১৬) অনুসৰি নির্দিষ্ট উদ্দেশ্যত অনুমোদন প্রদান কৰা প্রতিটো অনুদানৰ বিপৰীতে কেতবোৰ চর্ত আৰোপ কৰা থাকে৷ যেনে– যি উদ্দেশ্যত অনুদান দিয়া হয়, সেই উদ্দেশ্যতহে অনুদান ব্যয় কৰিব লাগিব আৰু যদি অনুমোদন কৰা কর্তৃপক্ষই কোনো সময় বান্ধি নিদিয়ে, তেতিয়াহ’লে এটা যুক্তিসংগত সময়ৰ মাজত ব্যয় কৰিব লাগিব৷ ব্যয় কৰিব লগা ধনৰ কোনো অংশ যদি ব্যয়ত প্রয়োজন নহয়, তেতিয়াহ’লে সেই পৰিমাণৰ ধন চৰকাৰক সমর্পণ কৰিব লাগিব৷ তদুপৰি ৰাজ্য চৰকাৰৰ কর্তৃপক্ষই যদি কোনো চর্ত সাপেক্ষে অনুমোদন পায়, তেতিয়াহ’লে অন্য কোনো বিশেষ চর্ত নাথাকিলে সেই অনুদান মুকলি কৰি দিয়া বিত্তীয় বর্ষ শেষ হোৱাৰ ১২ মাহৰ ভিতৰত অনুদানৰ উপযুক্ত ব্যৱহাৰ সম্পর্কে আনুষ্ঠানিক ব্যৱহাৰিক প্রমাণ–পত্র মহাগাণনিক (হিচাপ আৰু প্রাপ্য)ক জমা দিব লাগে৷ কিন্তু হিচাপ পৰীক্ষা নিৰীক্ষণত ২০০১–০২ৰ পৰা ২০১৯–২০ বিত্তীয় বর্ষলৈ ৰাজ্য চৰকাৰৰ ৫৫টা বিভাগক প্রদান কৰা ৩৯,৬২৯.৪৯ কোটি টকা অনুদান সন্দর্ভত ১১,৭১৭খন ব্যৱহাৰিক প্রমাণ–পত্র দাখিল কৰা হোৱা নাই৷ এই ব্যৱহাৰিক প্রমাণ–পত্রসমূহৰ্ ভিতৰত ২০০১–০২ বিত্তীয় বর্ষৰ ৫৪.২৬ কোটি টকাৰ ৮৩৩খন, ২০০২–০৩ বিত্তীয় বর্ষৰ ৩৬.২২ কোটি টকাৰ ৪০৯খন, ২০০৩–০৪ বিত্তীয় বর্ষৰ ১৯৭.০৭ কোটি টকাৰ ৭৪৪খন, ২০০৪–০৫ বিত্তীয় বর্ষৰ ১৪৫.৮০ কোটি টকাৰ ৯৪৯খন, ২০০৫–০৬ বিত্তীয় বর্ষৰ ২০৩.১২ কোটি টকাৰ ৭১২খন, ২০০৬–০৭ বিত্তীয় বর্ষৰ ১৯৪.২৭ কোটি টকাৰ ৬৫৪খন, ২০০৭–০৮ বিত্তীয় বর্ষৰ ২২০.৮৫ কোটি টকাৰ ৪৬৩খন, ২০০৮–০৯ বিত্তীয় বর্ষৰ ৩০৫.৭৫ কোটি টকাৰ ৩৪১খন, ২০০৯–১০ বিত্তীয় বর্ষৰ ৪৪৭.১৯ কোটি টকাৰ ১২২খন, ২০১০–১১ বিত্তীয় বর্ষৰ ৩৯৫.১৬ কোটি টকাৰ ৩০৬খন, ২০১১–১২ বিত্তীয় বর্ষৰ ৫৮৩.০৩ কোটি টকাৰ ২৭৫খন, ২০১২–১৩ বিত্তীয় বর্ষৰ ৮২৭.৬৮ কোটি টকাৰ ২৮৯খন, ২০১৩–১৪ বিত্তীয় বর্ষৰ ১২৩৭.৩২ কোটি টকাৰ ৩৯৩খন, ২০১৪–১৫ বিত্তীয় বর্ষৰ ১৫৯০.৮১ কোটি টকাৰ ৭৯৩খন, ২০১৫–১৬ বিত্তীয় বর্ষৰ ২৯৬৩.৩০ কোটি টকাৰ ৪৭৯খন, ২০১৬–১৭ বিত্তীয় বর্ষৰ ১৬০৭.২৩ কোটি টকাৰ ২৪খন, ২০১৭–১৮ বিত্তীয় বর্ষৰ ২০৮০.৬৪ কোটি টকাৰ ২২৩খন, ২০১৮–১৯ বিত্তীয় বর্ষৰ ৫৩৩৬.২১ কোটি টকাৰ ১০৬২খন আৰু ২০১৯–২০ বিত্তীয় বর্ষৰ ২১২০৩.৫৮ কোটি টকাৰ ২৬৪৬খন৷ লক্ষণীয়ভাৱে ৫৫টা বিভাগৰ ভিতৰত সর্বাধিকসংখ্যক ব্যৱহাৰিক প্রমাণ–পত্র দাখিল নকৰা বিভাগটো হ’ল শিক্ষা (সাধাৰণ)৷ এই বিভাগটোৱে ৩২৩৫.০৭ কোটি টকাৰ বিপৰীতে ৪২২০খন ব্যৱহাৰিক প্রমাণ–পত্র দাখিল কৰা নাই৷ সেইদৰে কৃষি বিভাগে ১৫১৩.৮১ কোটি টকাৰ ১৮৭খন, সাংস্কৃতিক পৰিক্রমা বিভাগে ১৮৪.১৩ কোটি টকাৰ ৪০৯খন, বিত্ত (অর্থনৈতিক পৰিক্রমা) বিভাগে ২৪০.১১ কোটি টকাৰ ১৬৫খন, বিত্ত (কৰ) বিভাগে ৭০৭.৬৭ কোটি টকাৰ ৪০৯খন, বিত্ত বিভাগে ১৩৫১.৭০ কোটি টকাৰ ২৪খন, সাধাৰণ প্রশাসন বিভাগে ১১২.৬৬ কোটি টকাৰ ২২৪খন, গুৱাহাটী উন্নয়ন বিভাগে ৯০২.৫০ কোটি টকাৰ ১৬৯খন, স্বাস্থ্য বিভাগে ৫৮৬৭.৬৩ কোটি টকাৰ ২৮০খন, পার্বত্য এলেকা বিভাগে ১৫৩.৪৫ কোটি টকাৰ ১১৩খন, গৃহ বিভাগে ২১৩.৮০ কোটি টকাৰ ৪৮খন, উদ্যোগ বিভাগে ২৫০.৯৮ কোটি টকাৰ ৭৮খন, জলসিঞ্চন বিভাগে ১০১.৭০ কোটি টকাৰ দুখন, শ্রম আৰু নিয়োগ বিভাগে ২৩৭.৬৯ কোটি টকাৰ ৩৫খন, সংখ্যালঘু কল্যাণ বিভাগে ৩৭১.৬২ কোটি টকাৰ ৬৬খন, পৌৰ প্রশাসন বিভাগে ৫৫৪.১৮ কোটি টকাৰ ৮৮খন, শক্তি বিভাগে ১৩৮.৪৫ কোটি টকাৰ ৯খন, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ৪৫৭২.৬১ কোটি টকাৰ ১০২খন আৰু পৰিৱর্তন–বিকাশ বিভাগে ৯৩৩.১৬ কোটি টকাৰ ৬৫৮খন ব্যৱহাৰিক প্রমাণ–পত্র ২০১৯–২০ বিত্তীয় বর্ষলৈ জমা দিয়া নাছিল৷

You might also like