নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত হিতাধিকাৰীৰ মাজত লঘু যান-বাহন প্ৰদানৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ গ্ৰামাঞ্চলৰ উন্নয়ন তথা নিবনুৱা লোকসকলক সংস্থাপন প্ৰদানৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা অন্যতম আঁচনি “মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনি”ৰ অধীনত আজি গোলাঘাট জিলাত হিতাধিকাৰীৰ মাজত লঘু যান-বাহন প্ৰদানৰ শুভাৰম্ভ কৰা হয়৷
আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে কেইবাজনো হিতাধিকাৰীৰ মাজত প্ৰথম পৰ্যায়ৰ বাহনসমূহ বিতৰণ কৰা হয়৷
অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই চৰকাৰৰ তৰফৰ পৰা ৰাজসাহায্যযুক্ত এই বাহনসমূহৰ জৰিয়তে নিবনুৱা যুৱকসকলে স্বাৱলম্বী হোৱাৰ লগতে গ্ৰামাঞ্চলৰ যাতায়াতৰ উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য কৰি বাহন লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ উপৰি উপস্থিত থাকে খুমটাইৰ বিধায়ক, জিলা উন্নয়ন আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, জিলা পৰিবহণ বিষয়া, বিজেপি-অগপৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি।
You might also like