নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত বিজেপি যুৱমৰ্চাৰ উদ্যোগত মাটি চাকি বিতৰণ

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ ৰহা নগৰ মণ্ডল যুৱমৰ্চাৰ উদ্যোগত আজি ৰহা পুৰণা চাৰিআলিত মাটিচাকি বিতৰণ কৰে। পোহৰৰ উৎসৱ দীপাৱালী উপলক্ষে আয়োজন কৰা এই মাটিচাকি বিতৰণ অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা যুৱমৰ্চাৰ সভাপতি সুন্দৰ শৰ্মা। ৰহা নগৰ মণ্ডল যুৱমৰ্চাৰ সভাপতি জিতুমনি দাসে আঁতধৰা অনুষ্ঠানত ৰহা পৌৰসভাৰ প্ৰাক্তন সভাপতিদ্বয় মনজ্যোতি বৰা, ধ্ৰুৱ কুমাৰ দাস, ৰহা ভাৰতীয় জনতা পাৰ্টিৰ নগৰ মণ্ডলৰ সভানেত্ৰী দীপাঞ্জু ডেকা, জিলা সম্পাদক বিনোদ হাজৰিকা, গ্ৰাম্য মণ্ডলৰ সভাপতি চন্দ্ৰ দাস, বিজেপি জেষ্ঠ কৰ্মী ডিম্বেশ্বৰ কোঁৱৰ আদি উপস্থিত থাকে। উল্লেখ্যে যে স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ সহযোগত ৰহা নগৰ মণ্ডল যুৱমৰ্চাৰ লগতে কমাৰগাঁও মণ্ডল যুৱমৰ্চায়ো এনেদৰে মাটিচাকি বিতৰণ কৰে।

You might also like