নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ উন্নয়নৰ বাবে তৰুণ গগৈক জনগণে সদায় মনত ৰাখিবঃ ৰাষ্ট্রপতি কোৱিন্দ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ দেশৰ অন্যতম দক্ষ ৰাজনীতিক তথা অসমৰ তিনিবাৰৰ মুখ্যমন্ত্রী তৰুণ গগৈৰ দেহাৱসানত ৰাষ্ট্রপতি–প্রধানমন্ত্রীকে ধৰি শীর্ষ ৰাজনীতিকসকলে গভীৰ শোক প্রকাশ কৰিছে৷ সোমবাৰে সন্ধিয়া ৫.৩৪ বজাত দক্ষ ৰাজনীতিক তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ইহলীলা সম্বৰণ কৰাৰ বাতৰি লাভ কৰাৰ পিছতেই ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডু, কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীকে ধৰি দেশৰ বিশিষ্ট ৰাজনীতিকসকলে টুইটাৰযোগে শোক প্রকাশ কৰিছে৷

ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে টুইটত কয়– অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগৰ বাতৰি পাই মর্মাহত হৈছোঁ৷ দেশে দক্ষ ৰাজনীতিক আৰু প্রশাসকৰ অভিজ্ঞতাৰে পুষ্ট এগৰাকী প্রবীণ নেতাক হেৰুৱালে৷ অসমত দীর্ঘদিনীয়া দায়িত্বত থকা মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যখনলৈ অনা অর্থনৈতিক বিকাশ সদায় মনত ৰাখিব৷ ৰাজ্যখনত উগ্রপন্থাৰ বিৰুদ্ধে যুঁজি শান্তি–শৃংখলা বর্তাই উন্নয়নৰ দিশে আগবঢ়োৱা তেওঁৰ ভূমিকাক ৰাজ্যবাসীয়ে সদায় মনত ৰাখিব৷ এই সময়ছোৱাত তেওঁৰ পৰিয়াল, বন্ধু আৰু সমর্থকসকলক সমবেদনা জ্ঞাপন কৰিছোঁ৷

আনহাতে, উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে টুইটযোগে অসমৰ তিনিবাৰৰ মুখ্যমন্ত্রী তথা ৬বাৰৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী গগৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

ইপিনে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টুইটযোগে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷ টুইটত প্রধানমন্ত্রীগৰাকীয়ে কয়–‘শ্রীতৰুণ গগৈজী এগৰাকী জনপ্রিয় আৰু প্রবীণ প্রশাসক৷ যিয়ে অসম আৰু কেন্দ্রত বছৰ বছৰ ধৰি সেৱা আগবঢ়াইছিল৷ তেওঁৰ মৃত্যুত মর্মাহত হৈছোঁ৷ তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীক এই মুহূর্তত সমবেদনা জনাইছোঁ৷ ওম শান্তি৷

প্রধানমন্ত্রীৰ মোদীৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেবিনেট মন্ত্রীয়ে প্রাক্তন মুখ্যমন্ত্রী গগৈৰ বিয়োগত শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে৷

আনহাতে, কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰি শ্রদ্ধাঞ্জলি জনাই কয়– ‘গগৈ এগৰাকী প্রকৃত নেতা আছিল৷ এগৰাকী প্রকৃত কংগ্রেছী নেতা৷ অসমৰ সকলো জাতি–জনগোষ্ঠীক একেলগ কৰাৰ বাবে তেওঁৰ জীৱন উৎসর্গিত কৰিছিল৷ মোৰ বাবে তেওঁ আছিল এগৰাকী মহান আৰু জ্ঞান শিক্ষক৷ মই তেওঁক গভীৰভাৱে ভাল পাইছিলোঁ আৰু সন্মান কৰিছিলোঁ৷ মই তেওঁৰ শূন্যতা সদায় অনুভৱ কৰিম৷ গৌৰৱ আৰু তেওঁৰ পৰিয়াললৈ মোৰ ভালপোৱা আৰু সমবেদনা জনাইছোঁ৷’

প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ বিয়োগত কংগ্রেছ সাংসদ তথা জ্যেষ্ঠ নেতা শশী থাৰুৰ, বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া, কংগ্রেছ নেতা শচীন পাইলটকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজনীতিকে টুইটযোগে গভীৰ শোক প্রকাশ কৰিছে৷

You might also like