নগৰবেৰাত সাংবাদিকৰ বাহনত দুৰ্বৃত্তৰ আক্ৰমণ, দোষীক শাস্তিৰ দাবী
সাংবাদিকৰ গাড়ীত নিশা দুৰ্বৃত্তৰ আক্ৰমণ। ঘটনাৰ স্থান নগৰবেৰাৰ ডিবিআৰপি পাৰঘাট। পাৰঘাটত ৰখাই থোৱা আছিল বলেৰ’ বাহনখন। লাঠীৰে কোবাই অচিনাক্ত দুৰ্বৃত্তই ভাঙি চুচূৰ্মৈ কৰে বাহনখনৰ সন্মুখৰ গ্লাছখন।
পাৰঘাটত বলেৰ’ গাড়ীখন থৈ সতীৰ্থ সাংবাদিকৰ সৈতে গৈছিল নগৰবেৰালৈ আৰু উভতি আহি দেখে বাহনখনৰ চুচূৰ্মৈ অৱস্থা। বাহনখনৰ গৰাকী আহমেদ ইমতিয়াজ বুলবুল। তেওঁ নগৰবেৰা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা এটা টিভি চেনেলৰ নগৰবেৰাৰ সংবাদদাতা।
অচিনাকি দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে সাংবাদিকগৰাকী। এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।শীঘ্ৰে এই কাণ্ডত জড়িত ব্যক্তিক আটক কৰি শাস্তি প্ৰদানৰ দাবী ৰাইজৰ।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৫ অক্টোবৰ