নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ বদলা-ৰাঙ্গাপানীত আৰক্ষীৰে সংঘৰ্ষত জড়িত ১৪ জনক আটক, ন্যায়িক জিম্মালৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:  কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাংঙ্গাপানী-বদলাত আৰক্ষীৰে সংঘৰ্ষত লিপ্ত থকাৰ অভিযোগত মুঠ ১৪ জনকৈ লোকক যোৱা নিশাৰ ভাগত আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণৰ দিহা কৰে ৷ জানিব পৰা মতে কালি অঞ্চলটোৰ মুন্নাফ আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰিব যোৱা সোণতলী আৰক্ষীৰ এটা দলৰ সতে খণ্ড যুদ্ধত লিপ্ত হৈছিল অঞ্চলটোৰ একাংশ |উক্ত ঘটনাক কেন্দ্ৰ কৰি বদলা-ৰাঙ্গাপানী অঞ্চলত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি বিয়পিছিল | আৰক্ষী আৰু ৰাইজ একাংশৰ মাজত সংঘটিত হোৱা এই মাৰপিটৰ ঘটনাত জড়িত থকাৰ সন্দেহত ক্ৰমে জীৱন নেছা, হাজেৰা খাতুন, জেচমিনা খাতুন, আনোৱাৰ হুছেইন, আজিজুল হক, আনোৱাৰ হুছেইন, স্বামচুল হক, তাৰাচান্দ আলী, আমজাদ আলী, আজমল হক, নকিম আলী, জাহিদুল ইছলাম, নুৰ মহম্মদ আলী আৰু ওমৰ আলী মুঠ ১৪ জনক আটক কৰি বকো আৰক্ষীৰ ফালৰ পৰা পিএছ ১২৪/২০২৩/ইউ/এছ- ৩৫৩/ ৩২৫/ ১৪৭/১৪৮/১৪৯/৩৯৪/৩৪২/৩০৭ ভাৰতীয় দণ্ড বিধি আইনৰ উক্ত ধাৰা সমূহত এক গোচৰ পঞ্জীয়ন কৰি পুৰুষ মহিলাসহ ১৪ অপৰাধীক আজি ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰে ৷

 

@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like