নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত দুৰ্গা পূজা সফল সামৰণি; জোনাইৰ তিনিমাইল ঘাটত মা দুৰ্গা বিসৰ্জন

ভক্তৰ হৃদয় উকা কৰি মৰতৰ পৰা আজি মা দুৰ্গাই ল’লে বিদায়…

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: আজি বিজয়া দশমী। ষষ্ঠৰ বেদীত প্ৰতিষ্ঠা হোৱাৰ পিছত অশ্ৰুসিক্ত নয়নেৰে ভক্তই বিদায় দিলে দূৰ্গতিনাশিনী দেৱী দূৰ্গাক। যোৱা ৪ দিন ধৰি দেৱীৰ বন্দনাত মুখৰিত হৈ আছিল সমগ্ৰ ৰাজ্য৷ শদিয়াৰ পৰা ধুবুৰীলৈ নদীৰ ঘাটে ঘাটে বিসৰ্জন দিয়া হ’ল দেৱী প্ৰতিমা।

দেৱীৰ আৰাধনাৰ অন্ততঃ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক এবছৰৰ মুৰত পুনৰ আগমণৰ বাবে আহ্বান জনাই আকুলচিত্তে বিদায় দিলে ভক্তগণে। বিজয়া দশমী উপলক্ষে জোনাইত দেৱী বিসৰ্জন দিলে জোনাইৰ তিনিমাইলঘাট।

জোনাই মহকুমা প্ৰশাসনে তিনিমাইল ঘাটত কৰা হৈছিল বিশেষ ব্যৱস্থা৷ ধেমাজি জিলা জোনাই মহকুমাৰ মুৰ্কংচেলেক দুৰ্গা মন্দিৰ, জোনাই সাৰ্বজনীন দুৰ্গা মন্দিৰ, মুৰ্কংচেলেক ৰেলৱে ষ্টেচন, গান্ধী ৰোড, ঐৰামঘাটকে ধৰি জোনাইৰ বিভিন্ন ঠাইৰ পূজাস্থলিত সমূহত পূজা সমিতি সমূহৰ সম্পূৰ্ণ ৰিতি-নীতি অনুসৰি সামৰণি পৰে৷ এইবাৰ কভিড প্ৰট’কলৰ নিয়ম অনুসৰি মা দেৱীক দৰ্শন কৰিবলৈ অহা প্ৰত্যেক জন ভক্তক জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে নিজে পূজাস্থলিত উপস্থিত থাকি লগত চিকিৎসকৰ দল ৰাখি ভক্ত সকলক চেনিটাইজাৰ আৰু টেম্পেচাৰ টেষ্ট কৰিহে পূজা কৰিবলৈ দিয়া হয়৷ জোনাই মহকুমাৰ পূজাস্থলিত সম্পূৰ্ণ  চৰকাৰৰ নিৰ্দেশনা মানি চলি ভক্ত সকল পূজা কৰে যাতে মানুহ ভিৰ নহয় আৰু কোনো লোক যাতে অপ্ৰীতিকৰ কামত লিপ্ত নহয় তাৰ প্ৰতি জোনাই আৰক্ষী প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখে লগতে পূজাৰ প্ৰত্যেক দিনাখনে মহকুমাটোৰ পূজা মণ্ডপ সমুহত তদাৰক কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীম কান্ত পেগুৱে৷

আজি দশমীৰ দিনটোত মা দুৰ্গাক বিসৰ্জন দিবলৈ মহকুমা প্ৰশাসনে নিয়ম জাৰি কৰিছে এই নিয়ম অনুসৰি দুপৰীয়া ১.০০ ভজাত জোনাই সাৰ্বজনীন পূজা কমিটি, চিমেন চাপৰি সাৰ্বজনীন পূজা কমিটি-১, ২.০০ বজাত মুৰ্কংচেলেক ৰেলৱে ষ্টেচন পূজা কমিটি, চিমেন চাপৰি সাৰ্বজনীন পূজা কমিটি-২ , ৩.০০ বজাত গান্ধী ৰোড পূজা কমিটি আৰু সন্ধিয়া ৪.০০ বজাত নেপালী বস্তি দুৰ্গা পূজা কমিটিৰ সুচাৰুৰূপে মূৰ্ত্তি বিসৰ্জ্জন সম্পন্ন হয়৷ ভক্তৰ হৃদয় উকা কৰি মৰতৰ পৰা আজি মা দুৰ্গাই ল’লে বিদায়৷ জোনাইৰ তিনিমাইল ঘাটত দুৰ্গা বিসৰ্জনৰ সময়ত জোনাই আৰক্ষী বিষয়া ঋতু ৰাজ দলে, জোনাই মহকুমা চক্ৰ বিষয়া লম্বিত হাজৰিকা আৰু জোনাই মহকুমা দণ্ডাদীশ প্ৰিতম কুমাৰ দাসে উপস্থিত থাকি তীক্ষ্ণ দৃষ্টি ৰাখে৷

You might also like