নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাৰ ৰজাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : তিতাবৰ মহকুমাৰ ৰজাবাৰীত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাজাজ পালচাৰ বাইকত তিতাবৰ দিশে গৈ থকা দুজন যুৱকৰ এখন ক্ৰেনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ লগতে অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্থ পালচাৰ বাইকখনৰ নম্বৰ এ এছ ০৩এ বি ১৫৫৩ আৰু ক্ৰেনখনৰ নম্বৰ এন এল ০২ এন ৫৬১৯। ক্ৰেনখনৰ সন্মুখনত ”অন অ’ এন জি চি ডিউটি’ বুলি লিখি ৰখা দেখিবলৈ পোৱা গৈছে।

অৱশ্যে বাতৰি লিখা সময়ৰ লৈকে পৰিচয় জানিব পৰা হোৱা নাই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱক দুজনৰ। অতিকৈ সংকটজনক অৱস্থাত থকা যুৱক দুজনক স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ চিকিৎসাৰ বাবে তিতাবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

 

 

You might also like