নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিয়া নয়াপাৰা প্ৰাথমিক বিদ্যালয়ত ব্ৰেইলি দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : গোৱালপাৰা জিলাৰ মাটিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৩২৯ নং নয়াপাৰা প্ৰাথমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে ব্ৰেইলী দিৱস উদযাপন কৰা হয়৷ মাটিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত উদযাপিত হোৱা অনুষ্ঠানটি ৰাতিপুৱা ৯ বজাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আবু বক্কাৰ ছিদ্দিকে পতাকা উত্তোলনৰে কাৰ্যসূচীৰে শুভাৰম্ভ কৰে৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক নাজিমুদ্দিন আহমেদে যুগজয়ী ব্যক্তি লুইচ ব্ৰেইলিৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এটি দেশপ্ৰেমূলক সংগীতত নৃত্য পৰিৱেশন কৰাৰ লগতে এটি জ্যোতি সংগীত সমৱেত ভিত্তিত পৰিবেশন কৰি উপস্থিত আটাইকে মুগ্ধ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভন্ন খেল-ধেমালী অনুষ্ঠিত হয়৷

আবেলি ২ বজাৰ পৰা বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি আবু বক্কাৰ ছিদ্দিকৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত মাটিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ সমল ব্যক্তি কমল পাটগিৰিয়ে ব্ৰেইলী দিৱসৰ তাৎপৰ্য সুন্দৰকৈ উপস্থিত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাখ্যা কৰে৷লুইচ ব্ৰেইলী নিজে অন্ধ হোৱাৰ পিছতো তেওঁ নিজৰ জীৱন ৰথ থমকিবলৈ নিদি কিদৰে আজি অন্য দহজনৰ অনুপ্ৰেৰণা তথা অন্ধলোকৰ মাজত জ্ঞানবন্তি জ্বলাই পোহৰ বিলাবলৈ সক্ষম হ’ল এই আটাইবোৰ কথাই ছাত্ৰ-ছাত্ৰীৰ মন চুই যায়৷বিদ্যালয় পৰিদৰ্শক ৰাজু আহমেদে কয় যে এগৰাকী ছাত্ৰ-ছাত্ৰী শাৰীৰিকভাৱে বাধাগ্ৰস্ত মানেই কেতিয়াও পৰিয়াল তথা সমাজৰ বোজা নহয়৷বৰ্তমান আমাৰ দেশৰ লগতে বিশ্বত বহু বাধাগ্ৰস্ত ব্যক্তিয়ে বহুকেইটা বহুজাতিক কোম্পানীৰ লগতে অন্য বহুকেইটা চৰকাৰী উচ্চ পদ দখল কৰি আছে৷ অনুষ্ঠানটোত মাটিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ সংহত শিক্ষাৰ সমল ব্যক্তি মোস্তাক আহমেদ আৰু ছুফিয়া খানম,সহ সমল ব্যক্তি শংকৰ কৰ্মকাৰ,ইদ্ৰিছ আলী উপস্থিত থাকে৷

You might also like