নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ১৫-১৮ বছৰ বয়সৰ শিক্ষাৰ্থীক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলা প্ৰশাসনে আজিৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত ১৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থী সকলক প্ৰতিষেধক প্ৰদান কাৰ্য আৰম্ভ কৰিছে। নগাঁও জিলা স্বাস্থ্য সেৱা বিভাগে আজি জিলাখনৰ ২২ খন বিদ্যালয়ক সামৰি ইয়াৰ শিক্ষাৰ্থী সকলক প্ৰতিষেধক প্ৰদান কৰে। আজি পুৱা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত এই কাৰ্যৰ শুভাৰম্ভ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। অনুষ্ঠান উদ্বোধন কৰি ডঃ পেগুৱে কয় যে- ‘নতুন বছৰটো আমি এটা ভাল কামৰে আৰম্ভ কৰিছো। আজিৰে পৰা ১৫ বছৰৰ পৰা ১৮ বছৰৰ সকলোকে কভিড -১৯ৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছো।নগাঁও জিলাটো সৰ্বমুঠ ২২খন বিদ্যালয়ত আজি কভিড প্ৰতিষেধক দিছো।কভিডে মহামাৰী হিচাপে দেখা দিওঁতে আমাৰ হাতত পি পিই কীট নাছিল।কভিড পৰীক্ষা কীট নাছিল।কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই আত্মনিৰ্ভৰশীলতাৰ উদাহৰণ দাঙি ধৰিলে। বৰ্তমান আমি কভিড পৰীক্ষা কীট,ভেকচিন কীট নিজে বনাও।অসমত ১৮ বছৰৰ লোক সকলৰ প্ৰতিষেধক দিয়া কাৰ্য ১০০ শতাংশ সম্পূৰ্ণ হৈছে।’
বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহত অস্থায়ী শিক্ষক নিযুক্তিৰ প্ৰসংগত শিক্ষামন্ত্ৰীজনে কয় যে- ‘নগাঁৱত প্ৰাক্তন ছাত্র-ছাত্ৰী সকলে, স্বেচ্ছাসেৱী সংগঠন সমূহে সাময়িক ভাবে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিধায়ক ৰূপক শৰ্মাৰ লগত বা বিদ্যালয়ৰ অধ্যক্ষাৰ লগত আলোচনা কৰি ব্যৱস্থা কৰিব পাৰিব।কিন্তু স্থায়ী নিযুক্তি হ’লে বিজ্ঞাপনৰ জৰিয়তে হব।’
ছাত্ৰ-ছাত্রীসকলক উদ্দেশ্য কৰি তেওঁ কয় যে- ‘আমি কেতিয়াবা দুখ কৰো দুখীয়া ঘৰত জন্ম ললো বুলি বা গাৱঁত জন্ম ললো বুলি।কিন্তু সৃষ্টি কৰ্তাই সকলো মানুহকে সমান সময় দিছে।মুকেশ আম্বানী,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,আমি সকলোকে সমান সময় দিছে।কিন্তু সেই সময়খিনি কেনেদৰে ব্যৱহাৰ কৰো তাৰ ওপৰত জীৱনৰ সফলতা নিৰ্ভৰ কৰিব।আমি সোনকালে শুৱাৰ পৰা উঠি এক ঘন্টা বঢ়াই লৱ পাৰো।পৃথিৱীলৈ আমি জ্ঞান আহৰণ কৰিবলৈ আহিছো বুলি মন্তব্য কৰি তেওঁ কয় যে-‘ শব্দক ব্ৰহ্ম বুলি কোৱা হয়।জ্ঞানৰ উৎস শব্দ।ছাত্ৰ-ছাত্রী সকলে শব্দৰ অৰ্থ জানিবলৈ চেষ্টা কৰি জ্ঞানৰ পৰিষৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব।’ শিক্ষামন্ত্ৰীজনে ভাৰতীয় ভাষাৰ মূল হৈছে সংস্কৃত ভাষা বুলি মন্তব্য কৰি কয় যে-‘ অসমীয়া,বাংলা,উৰিয়া আদি সংস্কৃত ভাষাৰ পৰা উৎপত্তি।আমি এই পুৰাতন ভাষাটো শিকা উচিত।’ ইপিনে সাংবাদিকে ঠিকা ভিত্তিক শিক্ষক সকলৰ নিয়মীয়া কৰণৰ প্ৰসংগত প্ৰশ্ন সোধাত তেওঁ কয় যে-এই ক্ষেত্ৰত আইনী বাধা আছে।তৎসত্বেও তেওঁলোকক প্ৰায়।নিয়মীয়া কৰণ কৰি সমহাৰত দৰমহা দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে।১জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫ শতাংশ ডি এ দিয়াৰো সিদ্ধান্ত লোৱা হৈছে।’
অমিক্ৰণৰ সংক্ৰমণৰ প্ৰসংগত তেওঁ কয় যে- অমিক্ৰণ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতীয় চিকিৎসাৰ গৱেষণা সংসদে নিৰ্দেশনা মানি আমি চলিব লাগিব।’ কনিষ্ঠ মহাবিদ্যালয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।এই অনুষ্ঠানত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে-‘যোৱা দুটা বছৰ নগাঁও জিলা প্ৰশাসনে কভিড-১9 ৰোগ নিয়ন্ত্ৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।সেয়ে তেওঁলোক ধন্যবাদৰ পাত্ৰ।কভিড ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে যাতে দৃঢ় স্থিতি গ্ৰহণ কৰে সেই বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে তদাৰক কৰি আহিছে।’ বিধায়ক শৰ্মাই কভিড-১৯ৰ প্ৰতিষেধক লবৰ বাবে শিশু সকলক আগবঢ়াই দিবলৈও অভিভাৱক সকলক আহ্বান জনায়।
আজি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত নগাঁও জিলাৰ উপায়ুক্ত নিসৰ্গ হিৱৰে, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ, নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ,নগাঁও জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ আদি উপস্থিত থাকে।উল্লেখযোগ্য যে আজি ভেকচিন প্ৰদান কাৰ্যসূচী নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ, ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, হয়বৰগাঁও হাইস্কুল, নগাঁও কেন্দ্ৰীয় বিদ্যালয়, কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰভোগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, খ্ৰীষ্টজ্যোতি ইংলিছ স্কুল, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়,কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং কলেজ, নগাঁও ছোৱালী মহাবিদ্যালয়, কলং কপিলী কনিষ্ঠ মহাবিদ্যালয়,কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও কনিষ্ঠ মহাবিদ্যালয়, নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰত্নকান্ত বৰকাকতি হাইস্কুল আৰু ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় আদিতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ।
You might also like