প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ কৰি চৰ্চাত নগৰবেৰাৰ আচ্ছিতা
অসম চৰকাৰ তথা সমগ্ৰ শিক্ষা কামৰূপৰ সহযোগত অনুষ্ঠিত “পৰীক্ষা পে চৰ্চা” ২০২৬ শীৰ্ষক অনুষ্ঠানটিত নগৰবেৰাৰ দৰে এক ভিতৰুৱা অঞ্চলৰ পৰা আদৰ্শ বিদ্যালয়, দোকুচি’ৰ একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী আচ্ছিতা শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয়।
তেওঁ প্ৰধানমন্ত্ৰীৰ সন্মুখত “কোশিশ কৰণে ৱালো কী কভী হাৰ নহী হোতী” শীৰ্ষক কবিতাটি আবৃত্তি কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। নিঃসন্দেহে ছাত্ৰীগৰাকীৰ এই কৃতিত্ব আদৰ্শ বিদ্যালয়, দোকুচিৰ বাবে এক গৌৰৱৰ কাৰক।
এনে এখন ৰাষ্ট্ৰীয় মঞ্চৰ দিহা কৰাৰ বাবে আদৰ্শ বিদ্যালয়, দোকুচিৰ অধ্যক্ষ ড° ৰমেন বায়ন সমন্বিতে বাকী শিক্ষকবৃন্দ তথা বৃহত্তৰ নগৰবেৰা অঞ্চলবাসী ৰাইজে অসম চৰকাৰ আৰু আদৰ্শ বিদ্যালয় সংগঠনৰ বহুমুলীয়া প্ৰচেষ্টাক শলাগিছে। বিদ্যালয়ৰ তৰফৰ পৰা ছাত্ৰীগৰাকীলৈ উষ্ম সম্বৰ্ধনা জনোৱা হয়।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১১ ফেব্ৰুৱাৰী