নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ভয়াৱহ অগ্নিকাণ্ডত সৰ্বস্বান্ত দহটা পৰিয়াল

লখিমপুৰ নগৰ এলেকাৰ নকাৰীত আজি বিয়লি সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাই সকলো শেষ কৰি পেলায় দহটাকৈ খাটিখোৱা পৰিয়ালৰ সকলো সা সম্পদ। যাৰ বাবে এক শোকাকুল পৰিবেশ সৃষ্টি হয়।

উল্লেখ্য ত্ৰৈলোক্য গোহাঁই বৰুৱা নামৰ এজন লোকৰ ভাৰাঘৰত এই অগ্নি কাণ্ডটো সংঘটিত হয়। দহটা পৰিয়াল থকা ভাৰাঘৰটোত দিনৰ ভাগত সাধাৰণতে মানুহ নাথাকে। পূৱাই তেওলোক জীবিকাৰ বাবে বিভিন্ন কামত ওলাই যায়।

আজি বিয়লি হঠাৎ সেই ভাৰাঘৰটোৰ এটা কোঠালীত অগ্নি কাণ্ডৰ সূচনা হয়। তাৎক্ষণিকভাবে ইটো কোঠাৰ পৰা আনটোলৈ জুই বিয়পি পৰে। চিলিণ্ডাৰৰো বিস্ফোৰণ ঘটে। যাৰ বাবে অগ্নি কাণ্ডই ভয়াবহ ৰূপ ধাৰণ কৰে।

স্থানীয় লোকে অগ্নি কাণ্ডটোৰ উমান পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীকে খবৰ দিছিল। পিছে ঠেক বাট পথৰ বাবেঅগ্নিকাণ্ড স্হলীলৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহিব পৰা নাছিল। অৱশেষত বহু যত্ন কৰি অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কেইখন ঘটনাস্থলীত উপস্থিত হবলৈ সক্ষম হয় যদিও তেতিয়ালৈ সকলো শেষ হৈ গৈছিল।

দিনৰ দিনটো কাম বন কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়াল সমুহে বৰ কষ্টৰে গোটোৱা সকলো সা সম্পদ জুইত ভস্মীভূত হৈ পৰে। যাৰ বাবে এক শোকাকুল পৰিবেশ সৃষ্টি হয়। পৰিয়াল সমুহে হিয়াধুনি কন্দাৰ দৃশ্যই সকলোৰে চকুলো বোৱায়।দহটাকৈ খাটিখোৱা পৰিয়াল নিঠৰুৱা হৈ পৰা এই ভয়াবহ অগ্নিকাণ্ডৰ কেনেকৈ সূচনা হল সেইয়া জানিব পৰা হোৱা নাই।

বিশেষ বাৰ্তা, লখিমপুৰ, ১১ ফেব্ৰুৱাৰী

You might also like