নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা বিশাল কাৰ ওৱাল্ডত মাৰুটিৰ নতুন চেলেৰিঅ’ কাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: বিশাল কাৰ ওৱাল্ড মাৰ্ঘেৰিটাত আজি মাৰুটি গাড়ী কোম্পানীৰ নৱতম সংযোজন নিউ চেলেৰিঅ’ গাড়ীখন মুকলি কৰা হয়। মাৰ্ঘেৰিটা মিছন পাৰাস্থিত বিশাল কাৰ ওৱাল্ডত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইণ্ডিয়ান মেডিকেল এছ্চিয়েচনৰ মাৰ্ঘেৰিটাৰ নৱনিযুক্ত সভাপতি ডাক্তৰ মনুজ কুমাৰ গগৈ আৰু মাৰ্ঘেৰিটা বিৰধি মৰ্টৰ্ছৰ শ্বতাধিকাৰী ভূপেন্দ সিং মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত মাৰ্ঘেৰিটাৰ প্ৰায় সংখ্যক বেঙ্কৰ মেনেজাৰ, ফাইনেন্স কোম্পানীৰ বিষয়ববীয়া সহ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰতিলিটাৰ পেট্ৰ’লত ২৬.৬৮ কিঃমিঃ মাইলেজ দিব নতুন চেলেৰিঅ’ ই। আশা কৰা হৈছে নতুনকৈ ল’ব খোজা ব্যক্তিগত গাড়ীৰ গ্ৰাহক সকলক আকৰ্ষিত কৰিবলৈ সক্ষম হ’ব নতুন চেলেৰিঅ’ই।

You might also like