নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন নিদিলে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ’ ফাদিল কৰাৰ ব্লেক মেলিং কৰিব গৈ ধুবুৰীত আৰক্ষীৰ জালত ৱেব পোৰ্টালৰ স্বয়ম্ভূ সাংবাদিক

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰ: ধুবুৰীত যুৱতী এগৰাকীৰ পিতৃক দাৱী কৰা ধন আদায় নিদিলে তেখেতৰ জীয়ৰীৰ অশ্লীল ভিডিঅ’ ৰাজহুৱা কৰাৰ ব্লেক মেলিং কৰিব বিছৰা এগৰাকী স্বয়ম্ভূ সাংবাদিক যোৱাকালি আৰক্ষীৰ জালত পৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

যুৱতীগৰাকীৰ পিতৃৰ ভাষ্য অনুসৰি বিগত ১৫ নৱেম্বৰৰ দিনা তেখেতৰ জীয়ৰীক অপহৃত হৈছিল যদিও আৰক্ষীৰ তৎপৰতাত দুদিন পিছত অৰ্থাৎ ১৮ নৱেম্বৰৰ দিনা যুৱতীগৰাকী উদ্ধাৰ হৈছিল।

ব্যক্তিগৰাকীৰ অভিযোগ মতে, নিজৰ জীয়ৰী উদ্ধাৰ হোৱাৰ পিছত সিদিনা দুপৰীয়াৰ ভাগত থানাৰ পৰা ঘৰলৈ অহাৰ থকাৰ সময়ত জনৈক আনিছুৰ আলী নামৰ যুৱকসহ অইন তিনি ব্যক্তিয়ে তেখেতৰ পৰা ধন দাৱী কৰিছিল যদিও বিষয়টো আৰক্ষীক অৱগত কৰাৰ লগে লগে গোটেই কেইজনৰ অন্তৰ্ধান ঘটিছিল।

ইপিনে যোৱাকালি দুপৰীয়াৰ ভাগত সেই আনিছুৰ আলী নামৰ সেই যুৱকজন নিজকে সাংবাদিক বুলি পৰিচয় দি পুনৰ ব্যক্তিগৰাকীৰ সৈতে যোগাযোগ কৰিছিল আৰু তেখেতক ধুবুৰী চহৰৰ ‘হৰিসভা মোৰ’ অঞ্চললৈ মাতি নিছিল।

অভিযোগ মতে, উক্ত স্থানত উপস্থিত হোৱাৰ পিছত ১ লাখ টকা নিদিলে তেখেতৰ জীয়ৰীৰ অশ্লীল ভিডিঅ’ ফাদিল কৰাৰ ভাবুকি দিছিল ব্যক্তিগৰাকীক। তেতিয়া অঞ্চলটোৰ স্থানীয় একাংশ লোকৰ সহযোগিতাত ব্যক্তিগৰাকীয়ে স্বয়ম্ভূ সেই সাংবাদিকগৰাকীক আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে ইতিমধ্যে যোৱাকালিয়েই বিষয়টো লৈ ভূক্তভোগী সেই যুৱতীগৰাকীৰ পিতৃয়ে ধুবুৰী সদৰ থানাত এখন এজাহাৰো দাখিল কৰিছে। সেই এজাহাৰখনত ১ লাখ টকা নিদিলে নিজৰ জীয়ৰীৰ অশ্লীল ভিডিঅ’ ৰাজহুৱা কৰা হ’ব বুলি যুৱকজনে ভাবুকি দিয়া বুলি অভিযোগ কৰাৰ লগতে যোৱা যোৱাকালি সেই যুৱকজনৰ লগত অহা দুগৰাকী সংগী পলায়ন কৰা বুলিও উল্লেখ আছে।

ইপিনে ধৃত সেই আনিছুৰ আলী নামৰ সেই স্বয়ম্ভূ সাংবাদিকগৰাকী ধুবুৰী জিলাৰ গৌৰীপুৰৰ এটা ৱেব পোৰ্টালৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে। ইপিনে শেহতীয়াকৈ ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠিব লোৱা ৱেব পোৰ্টালৰ একাংশ স্বয়ম্ভূ সাংবাদিকৰ কাৰ্যকলাপে সাংবাদিকৰ দৰে পৱিত্ৰ বৃত্তিক কলুষিত কৰিব লোৱা কাৰ্যই সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ সাংবাদিকতাৰ নূন্যতম কোনো জ্ঞান নথকা জিলাখনৰ সেই একাংশ ৱেব পোৰ্টালৰ সাংবাদিকৰূপী লোকক নাকী লগোৱাৰ বাবে জিলা প্ৰশাসনে যথাযথ পদক্ষেপ লোৱাটোও কামনা কৰিছে।

প্ৰেৰক: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like