নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ শুভাৰম্ভ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ আজি কামৰূপ জিলাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিনজোৰা কাৰ্যসূচী। কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰিব মন্ত্ৰীগৰাকীয়ে।

আজি পুৱাৰ ভাগত নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ শুভাৰম্ভ কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে শুৱালকুছিৰ বংশৰত নিৰ্মান কৰা নতুন প্ৰেক্ষাগৃহ শুভ উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

“আমি ৰাজ্যখনত বহু উপ-কোষাগাৰ বনাই কৰি আছো। যাতে সময়ত প্ৰতিটো সমষ্টিতে একোটাকৈ উপ-কোষাগাৰ হ’ব পাৰে। গতিকে কোষাগাৰ সেৱাটো পূৰ্বতকৈ বহু ভাল হৈছে। আজিকালি সকলো কাম কম্পিউটাৰৰ দ্বাৰা সংযুক্ত হোৱা বাবে গোটেই প্ৰক্ৰিয়াটো স্বচ্ছ আৰু প্ৰণালীবদ্ধ হৈছে।”- নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ শুভাৰম্ভ কৰি এইদৰে কয় বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে আজি দদৰাত তাৰকাগৃহৰ আধাৰশিলা স্থাপনৰ লগতে কমলপুৰত নিৰ্মাণ হোৱা গেট হাস্পতাল উদ্বোধন কৰিব স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইফালে বিয়লি ৰঙিয়াৰ পৰা ডিমুলৈ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে।

You might also like