নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ৰাজভাষা শপতগ্রহণ সমাৰোহ অইলৰ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ: ভাৰত চৰকাৰৰ ৰাজভাষা বিভাগ, গৃহ মন্ত্রালয়ে জাৰি কৰা নীতি নির্দেশনাৰ অনুসৰি আজি দুলীয়াজানস্থিত অইল ইণ্ডিয়াৰ ক্ষেত্রীয় মুখ্য কার্যালয়ত হিন্দী দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে অইলৰ আৱাসিক মুখ্য বিষয়া ভৱনৰ পৰিসৰত ৰাজভাষা শপতগ্রহণ সমাৰোহৰ আয়োজন কৰা হয়৷

এই সমাৰোহত অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে উপস্থিত সকলো কার্যবাহী সঞ্চালক, মুখ্য মহাপ্রবন্ধক, মহাপ্রবন্ধকসকল ধৰি সমূহ বিষয়া–কর্মচাৰীকে ৰাজভাষাৰ শপত বাক্য পাঠ কৰায়৷ তদুপৰি দুলীয়াজানস্থিত অইলৰ অন্যান্য কার্যালয়সমূহতো বিভাগীয় মুৰব্বীসকলে ৰাজভাষা শপতগ্রহণ সমাৰোহত নিজ নিজ কর্মচাৰীসকলক ৰাজভাষাৰ শপত বাক্য পাঠ কৰায় ৷

তদুপৰি অইল ইণ্ডিয়া লিমিটেড ৰাজভাষা হিন্দীৰ ব্যাপক আৰু প্রভাৱী ৰূপত প্রচাৰ আৰু প্রসাৰৰ বাবে সদায়ে অংগীকাৰবদ্ধ ৷ ৰাজভাষা হিন্দী ভাষাৰ প্রয়োগৰ প্রৱণতা বৃদ্ধি কৰাৰ উদ্দেশ্যে তথা ইয়াৰ বিষয়া–কর্মচাৰীসক চৰকাৰী কাম–কাজত অধিক হিন্দী ভাষা প্রয়োগ কৰিবলৈ সক্ষম কৰি তুলিবলৈ অইলে প্রতি বছৰে ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৰাজভাষা মহোৎসৱ পালন কৰি আহিছে৷ ৰাজভাষা মহোৎসৱৰ সময়ছোৱাত বিষয়া–কর্মচাৰী আৰু তেওঁলোকৰ আশ্রিতসকলৰ মাজত বিভিন্ন সৃষ্টিশীল প্রতিযোগিতাৰ আয়োজন কৰা হয়৷

You might also like