নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত আত্মসহায়ক গোটৰ অসমী শাৰদীয় মেলা

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা গোটৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অসমী শাৰদীয় মেলা আৰম্ভ হৈছে৷ কালি ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীয়ে ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল আৰু সমাজকৰ্মী প্ৰসেনজিৎ দত্তৰ উপস্থিতিত মেলাখনৰ শুভাৰম্ভ কৰে৷ কেবাগৰাকী খণ্ড উন্নয়ণ বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা গোটৰ ডি পি এম সহিতে বিষয়াবৰ্গ, লীড বেংক মেনেজাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে৷ জিলাখনৰ বিভিন্ন আত্ম সহায়ক গোটে তেওঁলোকৰ উৎপাদিত বিভিন্ন ধৰণৰ সামগ্ৰী এই মেলাত প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে৷ মেলাত মুঠ ৩০ খন বিপনী স্থাপন কৰা হৈছে৷ ৰাইজক শাৰদীয় বতৰত মেলাস্থলীলৈ আহি সামগ্ৰী ক্ৰয় কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like