নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইকা দধীয়াৰ দুৰ্গত পৰিয়ালক সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি, তিনিচুকীয়া জিলা সমিতিৰ খাদ্য সামগ্ৰী প্ৰদান

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ডিব্ৰু চৈখোৱাৰ লাইকা দধীয়াবাসীয়ে ভূমি অধিকাৰ তথা পুনঃসংস্থাপনৰ দাবীত এসপ্তাহৰ পৰা তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ত সন্মুখত শিবিৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদী পৰিয়ালৰ মাজত আজি সংযুক্ত বড়ো গণ মঞ্চ (ইউবিপিঅ’)ৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত খাদ্য সামগ্ৰী যোগান ধৰা হয়।

লাইকা দধীয়া অঞ্চলৰ পমুৱা, ১নং পাচিদিয়া, ২নং পাচিদিয়া, কুলিগাওঁ,টেঙাবাৰী, চাৰিসূঁতি, মহমৰা, ৰিগবি গাঁৱৰ বাৰ শতাধিক দুৰ্দশাগ্ৰস্ত প্ৰতিবাদী পৰিয়ালৰ মাজত সাত কুইন্টল চাউল আৰু তিনি কুইন্টল আলু যোগান ধৰি প্ৰতিবাদী ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ইউবিপিঅ’ৰ ধেমাজি আৰু তিনিচুকীয়া জিলা সমিতিৰ নেতৃবৃন্দই।

ইউবিপিঅ’ৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক দীপাংকৰ নাৰ্জাৰী, উপ-সভাপতি ৰাতিৰাম বসুমতাৰী, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিঞ্চুৰাম নাৰ্জাৰী, সাধাৰণ সম্পাদক জয়ন্ত নাৰ্জাৰী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ধেমাজি জিলা বড়ো হাৰিমু আফাদৰ সভাপতি নাথুৰাম মুছাহাৰীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে লাইকা দধীয়াবাসীয়ে এসপ্তাহৰো অধিক দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰা অস্থায়ী শিবিৰত উপস্থিত হয়।

ধেমাজি জিলা ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় ডিব্ৰু আৰু ছৈখোৱা বনাঞ্চল দুখনক ১৮৯০ আৰু ১৯৩৯ চনত ডিব্ৰু ছৈখোৱা সংৰক্ষিত বনাঞ্চল হিচাপে চৰকাৰে ঘোষণা কৰি ইয়াৰ পাৰ্শৱৰ্তী কিছু এলেকাক সামৰি ৩৪০ বৰ্গ কিলোমিটাৰ এলেকাৰে ১৯৯৫ চনত চৰকাৰে ডিব্ৰু ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰে বুলি কৈ ক্ৰমাগতভাৱে ১৯৯৭ চনত ৩৪০ বৰ্গ কিলোমিটাৰ অঞ্চলক মুখ্য অঞ্চল আৰু ইয়াৰ চৌপাশৰ ৩৮ খন ৰাজহ গাঁও আৰু সংলগ্ন এলেকাৰে ৪২৫ বৰ্গ কিলোমিটাৰ এলেকাক নিৰপেক্ষ অঞ্চল হিচাপে লৈ ৭৬৫ বৰ্গ কিলোমিটাৰ অঞ্চলক ডিব্ৰু ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল হিচাপে চৰকাৰে ঘোষণা কৰে বুলি উল্লেখ কৰি পুনৰ ১৯৯৯ চনত ৩৪০ বৰ্গ কিলোমিটাৰ এলেকাৰ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰে বুলি বক্তব্য দাঙি ধৰে।

লাইকা দধীয়া অঞ্চলৰ মিচিং জনগোষ্ঠীৰ জনসাধাৰণে দশক দশক কাল ধৰি ডিব্ৰু ছৈখোৱাৰ লাইকা দধীয়া অঞ্চলত বসবাস কৰি আহিছে যদিও বানপানী, খহনীয়াত বিধ্বস্ত পৰিয়ালসমূহে আজিও চৰকাৰৰ কোনো আঁচনি লাভৰ পৰা বঞ্চিত হৈ অহাৰ সমান্তৰালভাৱে পুনৰ সংস্থাপনৰ ব্যৱস্থা হাতত নোলোৱাটো অতি দুৰ্ভাগ্যজনক বিষয় বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ইউবিপিঅ’ৰ নেতাগৰাকীয়ে খিলঞ্জীয়া মানুহৰ অস্তিত্ব, সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনক লাইকা দধীয়াবাসীক শীঘ্ৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা হাতত ল’বলৈ দাবী জনাইছে।

You might also like