নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰনৈ বেবেজীয়াত টাকু পাঃল বংশাৱলীৰ জন্মদিন পালন

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলৰ অন্যতম টাকু বংশাৱলীসকলে আজি টাকু পাঃল বংশাৱলীৰ জন্মদিনটো মৰনৈ বেবেজীয়াৰ বকুলা মঘুৱাচুক মদন টাকু লত্তাত মঘুৱাচুক, বকুলা মঘুৱাচুক, বাঁহবাৰী, হালধীয়া গড়া আৰু বাঘমৰা আঞ্চলিকৰ সৌজন্যত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয়।

অসম আৰু অৰুণাচলৰ বিভিন্ন প্ৰান্তত থকা টাকু পৰিয়ালৰ লোকসকলে আজি টাকু পাঃল বংশাৱলীৰ জন্ম দিৱসটো আয়োজন কৰে। এই অনুষ্ঠানত টাকু বংশাৱলীৰ লোকসকলে একেলগে লগ হৈ বংশাৱলীৰ ওপৰত সাংগঠনিক আলাপ আলোচনা কৰে।

টাকু বংশাৱলীৰ ৰীতি-নীতি, কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত এই অনুষ্ঠান আয়োজনৰ মূল উদ্দেশ্য। এই অনুষ্ঠানত আঞ্চলিকৰ সভাপতি তৰুণ টাকু, সম্পাদক অজিত টাকুৰ লগতে বংশাৱলীটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like