নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰষুণত প্লাৱিত সােণাৰি নগৰ 

বিশেষ বাৰ্তা, সোণাৰি, ১৩ এপ্ৰিলঃ সােণাৰি পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাৰ ফল বাৰুকৈ ভােগ কৰিব লগা হৈছে সােণাৰিৰ কৰদাতা ৰাইজে। আজি পুৱাৰ ভাগৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সােণাৰি নগৰত বান পৰিস্থিতিৰ সৃষ্টি হয়। নগৰখনৰ প্ৰায়বিলাক ৱাৰ্ডৰ বাট-পথ জলমগ্ন হৈ পৰাৰ ফলত পৌৰ এলেকাৰ বাসিন্দাসকল গৃহবন্দী হ’ব লগা হৈছে। উল্লেখযােগ্য যে দীর্ঘদিন ধৰি সােণাৰি নগৰৰ বাসিন্দাসকলে নগৰখনত বৰষুণৰ পানী নিষ্কাশনৰ বাবে এক বিজ্ঞানসন্মত নলা নির্ণমৰ দাবী জনাই আছে যদিও ৰজাঘৰীয়াসকলে এইক্ষেত্ৰত কোনাে ব্যৱস্থা গ্রহণ নকৰাৰ ফলত কৰদাতা ৰাইজে নৰক যন্ত্রণা ভােগ কৰিব লগা হৈছে। আজি দিয়া প্রবল বৰষুণৰ ফলত নগৰখনৰ শান্তিপুৰ , পার্বতিপুৰ, ভবানীপুৰ, নামতােলা পথ, চেনিগুদাম, দর্জীপটি , সােণাপুৰ, বৰুৱাআলি আদি অঞ্চলৰ বাটপথ সমূহৰ লগতে এই অঞ্চলসমূহৰ বাসিন্দাসকলৰ ঘৰ-বাৰী পানীৰে উপচি পৰে। নগৰখনৰ মাজেদি পাৰ হৈ যােৱা ধােদৰআলিৰ বহু অংশৰ লগতে সােণাৰি-নামতােলা সংযােগী পথত ঠায়ে ঠায়ে একাঠু পর্যন্ত পানী জমা হােৱা পৰিলক্ষিত হয়।
You might also like