নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষা জীয়াই ৰখাৰ দায়িত্ব অসমীয়া জাতিৰ : পাঠশালাত বিধানসভাৰ প্ৰধান সচিব হেমেন দাস

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বিভিন্ন সন্দিহান হৈ আহিছে যদিও অসমীয়া ভাষাৰ কাহানিও মৃত্যু হব নোৱাৰে৷ এই মন্তব্য অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস৷ আজি পাঠশালা সাহিত্য সভা ভৱনত গোলোকেশ্বৰ গোস্বামী স্মাৰক বক্তৃতা প্রদান কৰি অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাসে “অসমীয়া ভাষা জীয়াই ৰখাৰ দায়িত্ব অসমীয়া জাতিৰ” শীৰ্ষক বক্তৃতানুষ্ঠানত ভাষাৰ উৎপত্তি, বিকাশ, লিপি সম্বন্ধে সুন্দৰ ব্যাখ্যা আগবঢ়োৱাৰ লগতে অসমীয়া ভাষাৰ ভৱিষ্যত জীয়াৰ ৰখাত সকলোকে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত পাঠশালা শিক্ষাপীঠ আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিষয়ত বজালী জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ (১০০) লাভ কৰা ছাত্ৰী ডৰথী ভাৰ্গৱক পাঠশালা সাহিত্য সভাৰ প্রাক্তন সভাপতি, শিক্ষাবিদ, সু-সাহিত্যিক গোলোকেশ্বৰ গোস্বামীৰ সোঁৱৰণত প্ৰৱৰ্ত্তন কৰা “পাঠশালা সাহিত্য সভা বঁটা” প্ৰদান কৰা হয়৷ পাঠশালা সাহিত্য সভাৰ সভাপতি প্রফুল্ল কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডৰথী ভাৰ্গৱক এই বঁটাটো প্ৰদান কৰে হেমেন দাসে৷ সভাত লেখক বিনিময় আঁচনিৰ দ্বাৰা প্ৰকাশিত কৌশিক শৰ্মাৰ গীতৰ পুথি “নষ্টালজিক” উন্মোচন কৰে বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি. শৰ্মাই৷ সংস্কৃত বন্দনা পৰিৱেশনেৰে শুভাৰম্ভ হোৱা সভাৰ পূৰ্বে গোলোকেশ্বৰ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্রজ্জ্বলন, মাল্যার্পন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে প্ৰয়াত গোলোকেশ্বৰ গোস্বামীৰ সহধর্মিণী নীলিমা দেৱীয়ে। অনুষ্ঠানত সভাপতি প্রফুল্ল কুমাৰ গোস্বামীয়ে অসমীয়া ভাষাৰ ওপৰত বিশেষভাৱে আলেকপাত কৰি এক বিস্তৃত ভাষণ দাঙি ধৰে। পাঠশালা সাহিত্য সভাৰ সম্পাদক অতুল কলিতাই আঁত ধৰা সভাখনত প্রবোধ শৰ্মা, ড° বসন্ত কুমাৰ শৰ্মা, ডাঃ সুব্রত কুমাৰ শৰ্মা, মানিক চন্দ্ৰ তালুকদাৰ, ধীৰেন্দ্ৰ তালুকদাৰ, গিৰিধৰ চৌধুৰী আৰু জলী চৌধুৰীয়েও বিষয়বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰি সভাৰ সৌস্থৱ বৃদ্ধি কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like