নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ অক্টোবৰত চিত্ৰগৃহলৈ অসমীয়া ছবি লংকাকাণ্ড : ভট্টদেৱ বিশ্ববিদ্যালয়ত প্ৰমোচন

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ আৰ. বি. প্ৰডাকচনৰ বেনাৰত ৰজনী বৰ্মন (ৰাজ)ৰ পৰিচালনাত নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ ‘লংকাকাণ্ড’ৰ প্ৰমোচনৰ বাবে আজি পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হয় প্ৰযোজক ৰজনী বর্মনসহ ‘লংকাকাণ্ড’ৰ কেইবাজনো অভিনেতা-অভিনেত্ৰী৷ বিশ্ববিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ সমুখত ছবিখন সন্দৰ্ভত বহু কথা ব্যক্ত কৰে প্ৰযোজক ৰজনী বৰ্মনসহ বলষ্ঠ অভিনেতা মৃদুল ভূঞা, চম্পক শৰ্মা, বিবেক বৰা আৰু অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে৷ সাম্প্ৰতিক সময়ত অসমত সংঘটিত হৈ থকা হিংসা-বিদ্বেষ আদিৰ ঘটনাৰ মাজেৰে কাহিনী আৰম্ভ হব লগা ছবিখন মুলতঃ একচনধৰ্মী ছবি হব বুলি টিম ‘লংকাকাণ্ড’ই জানিবলৈ দিয়ে। দক্ষিণৰ ছবিজগতৰ পৰা বিশেষজ্ঞৰ সহায়ত ছবিখনৰ একচন সমূহ দৃশ্যগ্ৰহণ কৰা হৈছে বুলি পৰিচালকে ব্যক্ত কৰি কয় যে লংকাকাণ্ড একচন, ৰোমাঞ্চ, ট্ৰেজেদি আৰু সুমধুৰ সংগীতৰ এক অনন্য সংমিশ্ৰণ হব৷ জুবিন গাৰ্গ, নীল আকাশ, দীপলিনা ডেকা আৰু ৰিটিশাই কণ্ঠদান কৰা ছবিখন অহা ২৮ অক্টোবৰত মুক্তি লাভ কৰিব বুলি মন্তব্য কৰ টিমটোৱে ছবিখন চাবলৈ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো দৰ্শক ৰাইজক আহ্বান জনায়৷ উল্লেখ্য যে চলচ্চিত্ৰখনৰ কাহিনী-চিত্ৰনাট্য ৰজনী বৰ্মন (ৰাজ)ৰ৷ মনিষ আগৰৱালাৰ প্ৰযোজনাত সহযোগী প্ৰযোজক হিচাপে আছে গণেশ প্ৰসাদ, টুনটুন শইকীয়া বৰ্মন আৰু গোবিন চন্দ্ৰ বড়ো৷ ছবিখনিত অভিনয় কৰিছে ক্ৰমে– নিপন গোস্বামী, মৃদুল ভূঞা, চম্পক শৰ্মা, ৰীণা বৰা, অতুল পাচনী, ভ্ৰান্তি মেধি, বিবেক বৰা, মুনমী ফুকন, পল ফুকন, ড॰ আলখ্য বৰুৱা, জুনজুন বৰা, চিৰঞ্জীত বৰা, দোলা পাল, অমূল্য কুমাৰ, ৰমেন তামুলী, বাব্লী বৰা, যতীন খনিকৰ, জয়ন্ত দাস, কবিতা চুতিয়া, লিকুমা শৰ্মা, টুনটুন শইকীয়া বৰ্মন, বিনয় ডেকা, অঞ্জনজ্যোতি বেজ, তপন শইকীয়া, প্ৰকাশ মেধি, তৰুণ বৰা আৰু বহুতো ন-পুৰণি শিল্পীৰ লগতে শিশু শিল্পী শ্ৰেয়া, অদিতি নন্দিনী আৰু নিশানে৷ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ দায়িত্বত আছে চনু ডেকা আৰু ধৰ্ম থাপা৷ সংগীত পৰিচালনা অজয় ফুকন, গৌতম শৰ্মা, মৃণাল বৈষ্ণৱ৷ সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামী আৰু সুদৰ্শন বৰকটকী৷সআৱহ সংগীত অজয় ফুকন, ছাউণ্ড ডিজাইনাৰ অনুপ মুখাৰ্জী (মুম্বাই)৷ পুণঃশব্দ সংযোজন কৰিছে দীপক কুমাৰ দত্ত আৰু বাবুল দাসে৷ সম্পাদনা আৰু ডি.আই কৰিছে শ্যামল দাসে৷ সমৰকলা নিৰ্দেশনা আৰ. কে. শ্ৰী আৰু দাক্ষিণাত্যৰ একশ্বন গ্ৰুপে৷ নৃত্য নিৰ্দেশনা কৰিছে দীপক দে, অসীম গগৈ, শশীন বৰুৱাই৷ ভি. এফ. এক্স কৰিছে মৃগাংক পাৰ্তিক পৰাশৰ৷ ৰূপসজ্জা ৰুমী গোস্বামী, মিনতি ডেকা আৰু পিযু শৰ্মাৰ৷

প্ৰেৰক কল্যাণ কলিতা

You might also like