নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ নাও ট্ৰেজেডী : ঘটনাৰ বুজ ললে অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ ‘‘নিশ্চয়কৈ খুৱ শোকাৱহ ঘটনা এয়া। আমি ইয়ালৈ আহি গোটেইখিনি চৰজমিন ভাৱে চাইছোঁ। এইটো ঠিক যে, কৰবাত কাৰোবাৰ ভুল অলপমান নিশ্চয়কৈ হৈছে।’’ আজি যোৱাকালিৰ নাও দূৰ্ঘটনাত নিখোজ হৈ থকা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ সন্ধানত চলি থকা অভিযানৰ বুজ ল’বলৈ আজি বিয়লিৰ ফালে ধুবুৰীৰ আয়ৰণ জংলা প্ৰথম খণ্ড অঞ্চললৈ আহি উপস্থিত হোৱা জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উপস্থিত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে। মাত্ৰ তিনিমাহ পূৰ্বে ধুবুৰী চক্ৰ বিষয়াৰূপে আহি এই অঞ্চলৰ ৰাইজৰ মন জয় কৰা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, ‘‘এনে এজন দক্ষ প্ৰশাসনিক বিষয়া নিখোঁজ হৈ থকাটো আমাৰ চৰকাৰৰ কাৰণে এটা চিন্তাৰ বিষয়; চৰকাৰৰ কাৰণে বহুত ডাঙৰ ক্ষতি।’’ যোৱা দুদিন ধৰি এনডিআৰএফ আৰু এছডিআৰএফৰ লোকসকলে যথেষ্ট কষ্ট কৰি থকা বুলি উল্লেখ কৰি অহাকালিৰ পৰা বেচৰকাৰী খণ্ডৰ এগৰাকী বিশেষজ্ঞও আহি চলি থকা সেই উদ্ধাৰ অভিযানত সহায় কৰিব বুলি ধুবুৰী জিলাৰ উপায়ুক্তই তেওঁক জনোৱা বুলিও সদৰি কৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে। ল’গতে তেওঁ কয় যে, ‘‘আমাৰ ফালৰ পৰা চেষ্টা অব্যাহত আছে। সিফালৰ বাংলাদেশৰ জিলাৰ ল’গতো আমাৰ কথা বতৰা হৈছে; তেওঁলোকেও আমাক যথেষ্ট সহযোগ আগবঢ়াইছে। গতিকে আমাৰ ফালৰ পৰা; চৰকাৰ আৰু প্ৰশাসনৰ ফালৰ পৰা যিমানখিনি পাৰা যায় কৰা হৈছে।’’ নিখোঁজ সেই প্ৰশাসনিক বিষয়াগৰাকীৰ সোনকালে সম্ভেদ ওলাব বুলিও আশা প্ৰকাশ কৰে তেওঁ। আজি মন্ত্ৰীগৰাকীয়ে চলোৱা চৰজমিন পৰ্য্যবেক্ষণৰ সময়ত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, আৰক্ষী অধীক্ষক অভিজিৎ গুৰাৱকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়া সকলৰ উপৰিও বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডা৹ দেৱময় সান্ন্যাল প্ৰমুখ্যে বিজেপিৰ স্থানীয় কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like