নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায্য প্ৰাপ্যৰ দাবীত পাঠশালাত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ কলিতা জনগোষ্ঠীৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো শদিয়াৰ পৰা ধুবুৰীলৈ সিঁচৰতি হৈ থকা অসমৰ অন্যতম প্ৰাচীন খিলিঞ্জীয়া ভূমিপুত্ৰ তথা বৃহত্তম জনগোষ্ঠী সত্তৰ লাখ কলিতা আজি সৰ্বদিশতে প্ৰতাৰিত, লাঞ্ছিত, অৱহেলিত হিচাপে চিহ্নিত হৈ আহিছে৷ কলিতা জনগোষ্ঠী সন্মীলন অসমে আজি ৩৫ বছৰে কলিতাসকলৰ মৌলিক অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰা স্বত্বেও ৰাজ্যত শাসনৰ গাদীত থকা কোনো এখন চৰকাৰে কলিতা জনগোষ্ঠীৰ সমস্যাসমূহ সমাধান কৰাত অকনো গুৰুত্ব আৰোপ কৰা নাই৷ বৰঞ্চ কলিতা সকলক পাকে প্ৰকাৰে নিঃশেষ কৰাৰ চক্ৰান্তহে কৰা দেখা গৈছে৷” এই মন্তব্য কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ সভাপতি ড° সোনেশ্বৰ কলিতাৰ৷ আজি পাঠশালাৰ হৰিমন্দিৰ প্ৰাঙ্গণত চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কলিতা জনগোষ্ঠীৰ সদস্যসকলে মুখত কলা কপোৰ বান্ধি ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ মূহূৰ্তত উক্ত মন্তব্য কৰি সভিপতি ড° কলিতাই কয় যে কলিতাসকলক অনুসূচীত জনজাতিৰ মৰ্যদাৰে ষষ্ঠ অনুসুচীত অন্তভূক্ত কৰা, কলিতাসকলৰ বাবে প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা স্বায়ত্ত্ব পৰিষদ গঠন কৰা, ভগদত্ত প্ৰকল্পৰ বাবে দহ বিঘা মাটি আবন্টন দি প্ৰকল্পৰ নিৰ্মাণৰ বাবে পুঁজিৰ আৱন্ট দিয়া অথবা চৰকাৰে নিৰ্মাণৰ দায়িত্ব লওঁক, প্ৰতিখন জিলাতে ভগদত্ত ভৱন নিৰ্মাণৰ বাবে মাটি আৰু পুজিৰ ব্যৱস্থা কৰাৰ আদি বিষয়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰা হয়৷ আনহতে চৰকাৰে যদিহে এই দাবীৰ প্ৰতি কনোধৰণৰ গুৰুত্ব প্ৰদান নকৰে তেন্তে অহা ১৩ ডিচেম্বৰত অসমৰ ৮ টাকৈ স্থানত ৩ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হব বুলিও সভাপতি কলিতাই প্ৰকাশ কৰে৷ সন্মিলনৰ বজালী জিলা সমিটিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত কলিতা জনগোষ্ঠী সন্মিলনৰ উপদেষ্টা অৰবিন্দ কলিতা, বজালী জিলা সমিতিৰ মনোৰঞ্জন পাটগিৰি, ধনেশ্বৰ তালুকদাৰ, কেন্দ্ৰীয় সমিতিৰ মুকুণ্ড খাটনিয়াৰকে আদিকৰি শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি অৱস্থান ধৰ্মঘট জোৰদাৰ কৰি তোলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like