নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী কলেজত ডিজিটেল লাইব্ৰেৰী উদ্বোধন বিধায়ক ভবেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : ৰঙিয়াৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ত আজি ডিজিটেল লাইব্ৰেৰী আৰু শ্ৰেণী কোঠা মুকলি কৰে স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই। দিনৰ ভাগত আনুষ্ঠানিকভাৱে লাইব্ৰেৰী আৰু শ্ৰেণী কোঠা উদ্বোধন কৰি বিধায়ক কলিতাই কয় যে যুগৰ পৰিবৰ্তন আৰু পৰৱৰ্তীত পৰিস্থিতিত বৰ্তমান সময়ত যেনেকৈ ই বেংকিং, নেট বেংকিং হৈছে ঠিক তেনেদৰে ডিজিটেল লাইব্ৰেৰী আৰু ক্লাছ ৰুম অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। আধুনিক প্ৰযুক্তি বিদ্যা আঁকোৱালি কিদৰে উঠি অহা প্ৰজন্মক আধুনিক শিক্ষা পদ্ধতিৰে আগুৱাই নিব পাৰি তাৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা আন্তঃগাথনি উন্নয়ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে । বৰ্তমান চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থা ত্বৰান্বিত কৰা বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি কলিতাই দোহাৰে। উল্লেখ্য যে ২০২০ চনত অসম চৰকাৰৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ দ্বাৰা ডিজিটেল গ্ৰন্থগাৰ আৰু ডিজিটেল শ্ৰেণী কোঠা ভৱন নিৰ্মাণৰ বাবে আবণ্টিত ১ কোটি অনুদানৰ প্ৰথম কিস্তি হিচাপে ৫০ লাখ টকাৰ পুঁজিৰে উক্ত ডিজিটেল গ্ৰন্থগাৰৰ ভৱনটো নিৰ্মাণ কৰা হয় । উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ওৱাল মেগাজিনো মুকলি কৰে বিধায়ক গৰাকীয়ে ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like