নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত আৰছুৰ জোৰ সমদলঃ বাধা বকো আৰক্ষীৰ

নিয়মীয়া বাৰ্তা;১৭ মাৰ্চ: কামৰূপৰ বকোত আৰছুৰ প্ৰতিবাদী জোৰ সমদল। আৰছুৰ কাৰ্যসূচীত বাধা প্ৰদান বকো আৰক্ষীৰ। জোঁৰ লৈ সমদল কৰাত বাধা বকো আৰক্ষীৰ।অৱশেষত আৰক্ষীৰ বাধাত জোৰ বিহীনভাৱে প্ৰতিবাদী সমদল।অসম চৰকাৰ হায় হায়,ষষ্ঠ অনুসূচী আমাক লাগিবই, ষষ্ঠ অনুসূচী আমাৰ নায্য দাবী, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গান দি সমদল সাব্যস্ত কৰে।ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তৰ দাবী। হাছঙৰ বাহিৰৰ ৰাভা জনগোষ্ঠীৰ বাবে উন্নয়ন পৰিষদৰ দাবী। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদৰ কাৰ্যসূচী।প্ৰতিবাদত ষষ্ঠ অনুসূচী দাবী সমিতিৰ অংশগ্ৰহণ।১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদ।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like