নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত বৰপেটাৰোডৰ নৱোদয় সংঘ আৰু ছানলাইট ক্লাৱৰ উদ্যোগত পূজা মণ্ডপ  

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ:   প্ৰতিদিনে বাঁহ, কাঠ, প্লাইউড তথা অইন সামগ্ৰীৰে  নিৰ্মাণকাৰ্য্যত যেন এক খদমদম ব্যস্ততা প্ৰায় ত্ৰিশ গৰাকীকৈ শিল্পী – কৰ্মীৰ। লক্ষ্য অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হি নিৰ্মাণ..। হয়; ৰাজ্যৰ কেউদিশে শৰতৰ আৱেশত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতিৰ বতৰত পূজা মণ্ডপ – দেৱীৰ মৃণ্ময়  প্ৰতিমা সমূহৰ নিৰ্মাণৰ কাৰ্য তুংগত উঠাৰ সময়তে বৰপেটাৰোডৰ নৱোদয় সংঘ আৰু ছানলাইট ক্লাৱৰ উদ্যোগত আয়োজিত পূজাৰ এইবেলি সোণালী জয়ন্তী বৰ্ষ উপলক্ষে বিশেষ আকৰ্ষণ হিচাপে অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মীয়মান এই ব্যয়বহুল আকৰ্ষণীয় মণ্ডপে ৰাইজৰ উৎসুকতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।

 

উল্লেখ্য যে ধুবুৰী বিলাসীপাৰাৰ শিল্পীৰ দলে চহৰখনৰ খৈৰাবাৰী তিনিআলিত অশেষ কষ্ট তথা স্বকীয় কৌশলেৰে দুমাহ ধৰি নিৰ্মাণ কৰি থকা সুবিশাল পূজা মণ্ডপটিৰ উচ্চতা হ’ব প্ৰায় ৬০ ফুট আৰু দীঘলে প্ৰায় ৭৫ ফুট লগতে মণ্ডপৰ চৌদিশে থকা আন কাৰুকাৰ্য্য  প্ৰায় তিনি বিঘা মাটিত কৰা হ’ব। প্ৰায় চল্লিশ লাখ টকাৰ বৃহৎ বাজেটেৰে পূজা সমিতিৰ কাম প্ৰায় শেষ হৈ উঠিছে বুলি জানিব দিছে। প্ৰতিবছৰে অসংখ্য দৰ্শকৰ উপস্থিত হোৱা পূজা সমিতিৰ সাৰ্বজনীন দুৰ্গোৎসৱত এইবেলি অধিক জনসমাগম হ’ব আশা কৰিছে। আনপিনে, বিশ্বজুৰি চৰ্চিত হোৱা অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মিত মণ্ডপটিৰ বাবে স্বাভাৱিকতে দৰ্শনাৰ্থীৰ ভিৰ হ’ব বুলিও অনুমান কৰা গৈছে। এইবাৰ সোণালী জয়ন্তী বৰ্ষৰ বৰ্ধিত সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি তথা সহযোগিতা উদযাপন সমিতিয়ে একান্তভাৱে কামনা কৰিছে।
You might also like