নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত নৱাগতৰ আদৰণি সভা

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ: বঙাইগাও জিলাৰ যোগীঘোপাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান  চলন্তাপাৰাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ত আজি ২০২২-২৩ শিক্ষাবৰ্ষৰ নৱাগত ছাত্ৰ-ছাত্ৰীৰ আদৰণি সভা অনুষ্ঠিত হয় । এই উদ্দেশ্যে পুৱা পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° শ্বেখ ফখৰুদ্দিন আলী আহমেদে । দহ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ পৰিচয় পৰ্ব অনুষ্ঠিত হয় । দুপৰীয়া ১২ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° শ্বেখ ফখৰুদ্দিন আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ কে আৰ বি ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰবীন্দ্ৰ নাথ দাস, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মানকাছাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° আবেদ আলী , মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰামচন্দ্ৰ পাঠক, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল হুছেইন, বিশিষ্ট সমাজকৰ্মী মনেন চন্দ্ৰ মেধী প্ৰমু্খ্যে  কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি ব্যক্তব্য আগবঢ়ায় । এই সভাতেই মহাবিদ্যালয়ৰ আলোচনী ‘জ্ঞানম’ আনুষ্ঠানিকভাবে উন্মোচন কৰে মুখ্য অতিথি তথা শিক্ষাবিদ  ড° ৰবীন্দ্ৰ চন্দ্ৰ দাসে । সভাৰ অন্তত আয়োজন কৰা সংগীতানুষ্ঠানত  আমন্ত্ৰিত  কণ্ঠশিল্পী বিকি কলিতাই গীত পৰিৱেশন কৰে ।
You might also like