নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত গামোচাত সাহিত্যকাণ্ডাৰীৰ প্রতিচ্ছবিৰে চমক দিবলৈ সাজু মালতী দলে

বিশেষ বাৰ্তা, ৭ জানুৱাৰী : অসমীয়াৰ স্বাভিমানৰ গামোচাত সাহিত্য সভাৰ কাণ্ডাৰীসকলৰ প্ৰতিচ্ছবি তুলি চমক দিবলৈ এইবাৰ সাজু হৈছে লখিমপুৰৰ নাওবৈচাৰ মিচিং যুৱতী মালতী দলে। অহা ৩১ জানুৱাৰী পৰা ৪ ফেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়নপুৰ বৰখামটি পথাৰত অনুষ্ঠিত হব অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠ, সপ্ততিতম পূর্ণাঙ্গ অধিবেশন। অধিবেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে আদৰণি সমিতিয়ে সকলো প্রচেষ্টা অব্যাহত ৰাখিছে। প্রায় ৭৭৬ বিঘা ভূমিৰে আগুৰা ক্ষেত্ৰত এই অধিবেশন অনুষ্ঠিত হ’ব। সু-খবৰ যে এইবাৰ সাহিত্য সভাৰ এই নাৰায়ণপুৰ অধিৱেশনত গামোচাত প্রদর্শিত হ’ব অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীৰ হু-বহু প্ৰতিচ্ছবি। অধিৱেশনৰ প্রদর্শনী মেলাত এই বিশিষ্ট সাহিত্যিকসকলৰ প্ৰতিচ্ছবি গামোচাত প্রদর্শিত হ’ব। তদুপলক্ষে, লখিমপুৰ জিলাৰ নাওবৈচাৰ অতি ভিতৰুৱা অঞ্চল গড়ছিগাৰ তাঁতীয়েমৰা জংকাপ গাঁৱৰ এগৰাকী মিচিং যুৱতীয়ে নিজৰ তাঁতশালত বৈ উলিয়াইছে অসম সাহিত্য সভাৰ কাণ্ডাৰী সকলৰ প্ৰতিচ্ছবি। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ মালতী দলে লক্ষীনাথ দলেৰ কন্যা। লখিমপুৰৰ হস্ততাঁত বস্ত্রশিল্প প্রশিক্ষণ প্রতিষ্ঠান ছাত্ৰী মালতিয়ে এতিয়া নিজ হাতেৰে অসম সাহিত্য সভাৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, হোমেন বৰগোহাঞি, ডা: নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীবালা দেৱী, মামণি ৰয়চম গোস্বামী, ৰঘুনাথ চৌধুৰী, নৱকান্ত বৰুৱা আদিৰ প্রতিচ্ছবি গামোচাত বৈ উলিয়াইছে। হস্ততাঁত বস্ত্রশিল্প আৰু প্রশিক্ষণ প্রতিষ্ঠান লখিমপুৰৰ পৰিদর্শক মনোজ হাজৰিকাৰ তত্বাৱধানত এইগৰাকী যুৱতীয়ে এতিয়া নিজৰ তাঁতশালত দিনে- নিশাই সাহিত্য কাণ্ডাৰীসকলৰ প্ৰাণ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। এনে এখন প্রতিচ্ছবি গামোচাত বৈ উলিয়াবলৈ প্ৰায় ৪-৫ দিনৰ সময়ৰ প্রয়োজন হয় বুলি আজি যুৱতীগৰাকীয়ে ‘নিয়মীয়া বাৰ্তা’ক জানিবলৈ দিয়ে। নিজৰ একাগ্ৰতা আৰু উদ্ভাবনী শক্তিৰে এইগৰাকী যুবতীয়ে এনেদৰে গামোচাত সাহিত্য কাণ্ডাৰীসকলৰ প্ৰাণ দিবলৈ সক্ষম হৈছে। তেওঁ বহুভাবে এনেদৰে সাহিত্যিকসকলৰ প্রতিচ্ছবি গামোচাত বৈ উলিওৱা কাৰ্যই তেওঁৰ প্ৰতিভা বিকশিত হৈ উঠিছে। সৰুৰে পৰা তাঁতশালৰ লগত জড়িত মিচিং জনগোষ্ঠীৰ এইগৰাকী সু-নিপুন যুৱৰ্তী শিপিনীয়ে ইতিপূর্বে গামোচাত গঁড়, পথ, চৰাই, গছ-লতা, ঢোল-তাল আদিৰ প্ৰতিচ্ছবি বৈ বিশেষ সমাদৰ লাভ কৰি আহিছে। এইবাৰো তেওঁৰ এনে প্ৰচেষ্টাই সাহিত্য সভাত বিশেষ সমাদৰ লাভ কৰিব বুলি সকলোৱে আশা প্রকাশ কৰিছে। লক্ষ্যনীয়ভাৱে পোনপ্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ অধিবেশনত অসমৰ সাহিত্য কাণ্ডাৰী সকলৰ প্ৰতিছবি গামোছাত প্ৰতিফলিত হোৱাটো সমগ্ৰ অসমীয়া শিপিনী সকলৰ বাবেই নহয় ই অসমৰ বাবে গৌৰৱৰ বিষয় হিচাপে পৰিগনিত হব বুলি সচেতন সমাজে মন্তব্য কৰিছে।

প্ৰেৰক নিতুল বৰা

You might also like