নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপটগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ৰিজাৰ্ভ ক্ল’জ

ধুবুৰী জিলাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি মালাকাৰক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি সাপটগ্ৰাম থানাৰ এলেকাত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল বিষয়াগৰাকীৰ বিৰুদ্ধে।

এই অভিযোগসমূহৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে দ্বীপজ্যোতি মালাকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি তেওঁক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিয়ে।

ঘটনাটোক লৈ অঞ্চলটোত বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৮ জানুৱাৰী

You might also like