গুৱাহাটী-উত্তৰ গুৱাহাটী দলং ১৪ ফেব্ৰুৱাৰীত উদ্বোধন, নিশা মুখ্যমন্ত্ৰীৰ পৰিদৰ্শন
গুৱাহাটী মহানগৰৰ আন্তঃগাঁথনি উন্নয়নত এক ডাঙৰ অগ্ৰগতি হিচাপে অহা ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী বহু প্ৰতীক্ষিত দলংখন উদ্বোধন কৰিব। ‘কুমাৰ ভাস্কৰ বৰ্মা সেতু’ হিচাপে নামকৰণ কৰা এই দলংখন দেশবাসীৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বুধবাৰে নিশা নিৰ্মাণস্থলীত উপস্থিত হৈ কামৰ অন্তিম পৰ্যায়ৰ অগ্ৰগতি পৰিদৰ্শন কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। প্ৰায় ৩,০০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত ৬ লেনযুক্ত এই দলংখন কেৱল অভিযান্ত্ৰিক কৃতিত্বই নহয়, স্থানীয় কৰ্মদক্ষতাৰো এক উজ্জ্বল নিদৰ্শন বুলি কোৱা হৈছে।
পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বগীবিল সেতুৰ দৰে এই গুৱাহাটী–উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণতো মুখ্যভাৱে স্থানীয় শ্ৰমিকে অংশগ্ৰহণ কৰিছে।
“অসমত এই ধৰণৰ কঠিন নিৰ্মাণ কাম কেৱল কিছুমান শ্ৰমিকে কৰিব পাৰে বুলি এক ধাৰণা আছিল। এই সেতুবোৰে সেই ধাৰণাক ভাঙি দিছে,” মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয়, “আমাৰ স্থানীয় যুৱসমাজে নিজৰ দক্ষতা আৰু সামৰ্থ্যৰে এই বৃহৎ প্ৰকল্পত অগ্ৰণী ভূমিকা লৈছে।”
ইফালে, মুখ্যমন্ত্ৰী ড° শৰ্মাই বামুণীমৈদামৰ পৰা ৰিজাৰ্ভ বেংকলৈ সংযোগী নিৰ্মাণাধীন ফ্লাইঅ’ভাৰখনো পৰিদৰ্শন কৰে। তেওঁ ঘোষণা কৰে যে অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা দু-চকীয়া বাহন আৰু সৰু বাহনৰ বাবে ফ্লাইঅ’ভাৰৰ এটা অংশ মুকলি কৰা হ’ব। আনহাতে, নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈ অংশটো ১৫ মাৰ্চৰ পৰা সকলো ধৰণৰ যান-বাহনৰ বাবে মুকলি কৰা হ’ব।
প্ৰায় ৮৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত ৫.৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ফ্লাইঅ’ভাৰখন ‘মহাৰাজ পৃথু’ৰ নামত নামকৰণ কৰা হৈছে আৰু ই ৰাজ্যখনৰ আটাইতকৈ দীঘল ফ্লাইঅ’ভাৰ হিচাপে পৰিগণিত হ’ব।
ইফালে গুৱাহাটীৰ যানজঁট অধিক হ্ৰাস কৰাৰ লক্ষ্যৰে ফ্লাইঅ’ভাৰ ব্যৱস্থাত নতুন সংযোজনৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী ক্লাবৰ পৰা উলুবাৰীলৈ এটা শাখা আৰু চানমাৰিৰ পৰা ৰাজগড়লৈ আন এটা শাখা নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে।
ইয়াৰ উপৰি, সমাপ্তিৰ দিশে আগবঢ়া ভৰলুমুখ ফ্লাইঅ’ভাৰখন ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত উদ্বোধনৰ সম্ভাৱনা আছে বুলি জনোৱাৰ লগতে চাইকেল ফেক্টৰী ফ্লাইঅ’ভাৰখন ৰঙালী বিহুৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।
ডিজিটেল ডেস্ক, ২৯ জানুৱাৰী