নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুদীৰ্ঘ তেত্ৰিশ বছৰ পিছত ছিপাঝাৰৰ ভদ্ৰ উপস্থিত আপোন ঘৰত, লগত লৈ আহিল মৰমৰ গীটাৰখন

মহামিলনৰ ঘটনাক লৈ আবেগিক পৰিবেশ হাজৰিকা পাৰাত

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ এবছৰ কিম্বা দুবছৰ নহয়, সুদীৰ্ঘ তেত্ৰিশ বছৰ পিছত পৰিয়ালৰে মহামিলন ঘটিল ছিপাঝাৰৰ এগৰাকী ব্যক্তিৰ। যেন চিনেমাৰ দৰেই নাটকীয় ঘটনাই সংঘটিত হ’ল ছিপাঝাৰৰ হাজৰিকাপাৰাত। আৰু তেত্ৰিশ বছৰীয়া মহামিলনৰ ঘটনাক লৈ সমগ্র  অঞ্চলটোত সৃষ্টি হ’ল এক আবেগিক পৰিৱেশৰ। তেত্ৰিশ বছৰ আগৰ যিটো দিনত আপোন ঘৰখন এৰি কৰ্মৰ সন্ধানত ওলাই গৈছিল আকৌ সেই একেটা দিনতেই ভৰিও থলে সেই আপোন ঘৰখনতে।

অৱশ্যে সময় আৰু পৰিৱেশে যথেষ্ট পৰিৱৰ্তন আনিলে যদিও পৰিয়ালৰ জ্যেষ্ঠ সন্তানটি ঘৰ আহি পোৱাত উৎসাহিত হৈ পৰিছে সকলোবোৰ। উল্লেখযোগ্য যে আজিৰ পৰা তেত্ৰিশ বছৰ পূৰ্বে ১৯৮৭ চনৰ ২২ নৱেম্বৰত জীৱিকাৰ সন্ধানত ঘৰ এৰি শ্বিলং পাইছিল হাজৰিকাপাৰাৰ পিঠাখোৱাৰ ভদ্ৰ মেধি নামৰ লোকগৰাকী। শৈশৱৰ পৰাই হাজৰিকাপাৰা অঞ্চলৰ নাটক, ভাউৰীয়া আদি ভিন্ন অনুষ্ঠানত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰা তেতিয়াৰ কুৰি ভছৰীয়া ভদ্ৰ পৰিয়ালৰ আৰ্থিক অনাটনৰ জোৰা মাৰিবলৈয়ে চিনাকি লোক এজনৰ জৰিয়তে গৈছিল শ্বিলঙৰ চেৰাপুঞ্জী।

কিন্তু সেই যে ঘৰ এৰিলে আৰু কোনোদিনেই উভতি অহাৰ সুযোগেই নাপালে ভদ্ৰ মেধিয়ে। অলপ প‌ইচা পাতি গোটাই ঘৰলৈ ওভতি অহাৰ কথা আছিল যদিও প্ৰথমতে কয়লাৰ খনি, তাৰ পিছত ইটো সিটোকে ধৰি চকুৰ পচাৰতে যেন পাৰ হৈ গল একুৰি তেৰ বছৰীয়া পৰিক্ৰমা। অৱশ্যে
ঘৰত থকা অৱস্থাতেই দুটা বছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰো শিল্পী হিচাপে কাম কৰিছিল সেই সময়ৰ চফল ডেকা ভদ্ৰ মেধিয়ে।কিন্তু শ্বিলঙলৈ যোৱাৰ পৰাই একপ্ৰকাৰ যোগাযোগ বিছিন্ন হৈ পৰিছিল ভদ্ৰৰ।

কাৰণ সেই সময়ত আজিৰ দৰে মোবাইল ফোনৰ প্ৰচলনেই নাছিল।পৰিয়াললৈ মাজতে মনত পৰিলেও ঘৰলৈ অহাৰ অৱকাশ পোৱা নাছিল,তদুপৰি উপাৰ্জনৰ যি সপোন লৈ গৈছিল সেয়াও বাস্তৱত আছিল পূতৌজনক। অৱশ্যে চেৰাপুঞ্জীলৈ প্ৰমোদ বিহাৰৰ বাবে যোৱা দৰঙৰ লোক লগ পালেই খবৰ লৈছিল আপোন ঠাইখনৰ।তদুপৰি নিজৰ লগত সযতনে ৰখা ৰেডিঅ’টোৰ জৰিয়তে দুই এটা খবৰ পাই আহিছিল নিজৰ ঠাইখনৰ। কিন্তু শ্বিলঙৰ পৰা গুৱাহাটীৰ বিমান বন্দৰলৈ অহা এটি দলৰ লগত কালি আহি ভদ্ৰ মেধি উপস্থিত হ’লহি নিজৰ সেইঘৰখনত।

অৱশ্যে আগৰ সেই পৰিৱেশ নাই।পিতৃ স্বৰ্গগামী হ’ল,দুই ভাতৃ- ভগ্নীৰ বিয়া হ’ল। চেহেৰা তথা দেহৰ গঠনৰো কিছু পৰিৱৰ্তন হ’ল যদিও চিনি পোৱাত কাৰোৰে সমস্যা নহ’ল। তেত্ৰিশ বছৰ পিছৰ সেই একেটা দিনতে ঘৰলৈ আহোঁতে লগত লৈ আহিল নিজৰ আপোন গীটাৰখনো। আৰু তেত্ৰিশ বছৰীয়া মহামিলনৰ সাক্ষী হ’বলৈ সৰু ঘৰখন ভৰি পৰিল আত্মীয় স্বজন আৰু শুভাকাংক্ষীৰে। বিৰাজ কৰিলে এক আৱেগিক পৰিৱেশে। মনৰ আনন্দতে আপোন গীটাৰখন হাতত লৈ গীত এফাঁকিও গুণ গুণালেও ভদ্ৰ মেধিয়ে।

You might also like