নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰঃ পকেটত তিনিটা পাত থকা এটা বেলপাত ৰাখিব৷
বৃষঃ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷ মনৰ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷ প্রতিকাৰ– ঘৰলৈ অহা ভিক্ষাৰীক ৰঙা বস্ত্র, ফল দান কৰিব৷
মিথুনঃ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷ আপুনি আজি অলপ সাৱধানে চলাফুৰা কৰিব হাত–ভৰিত আঘাত পাব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব আৰু ভিক্ষাৰীক খোৱাবস্তু দান কৰিব৷
কর্কটঃ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷ মূৰত আঘাত পাব পাৰে৷ চাকৰিৰ পদোন্নতিত বাধা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব, কিন্তু খৰচ বাঢ়িব৷ আনৰ সহায় কৰি সন্মান পাব৷ প্রতিকাৰ – বেলপাত–গাখীৰ লৈ শিৱলিংগ পূজা কৰিব৷
সিংহঃ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷ যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব, ক্ষতিৰ আশংকা৷ হাতলৈ টকা–পইচা আহিব, কিন্তু জমা ৰাখিব নোৱাৰিব৷ কর্মসংস্থাপন হ’ব পাৰে৷ প্রতিকাৰ – ঘৰলৈ ভিক্ষাৰী আহিলে ভোজন কৰাই অর্থদান কৰিব৷
কন্যাঃ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷ চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷ প্রতিকাৰ– ফুল, তুলসী, বেলপাত, সেন্দূৰ আগলী কলপাত এখনত লৈ বোৱঁতী পানীত উটুৱাই সূর্যক প্রণাম কৰি পিছলৈ নোচোৱাকৈ ঘৰলৈ আহিব৷
তুলাঃ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ প্রতিকাৰ– হনুমান মন্দিৰত মিঠা ফল দান কৰিব৷
বৃশ্চিকঃ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷ আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ ব্যৱসায়ৰ স্থানক লৈ সমস্যা হ’ব পাৰে৷ প্রতিকাৰ – নৱগ্রহ মন্দিৰত নৱগ্রহৰ পূজা কৰিব পাৰিলে ভাল৷
ধনুঃ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷ আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব৷ প্রতিকাৰ – শনি মন্দিৰত ধূপ–চাকি জ্বলাই শনিৰ জপ কৰিব৷
মকৰঃ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷ শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে৷ কর্মস্থানৰ পৰিৱর্তনৰ বাবে সমস্যাত পৰিব পাৰে৷ প্রতিকাৰ – পুৱা গা ধুই হনুমান চালিচা পাঠ কৰিব৷
কুম্ভঃ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷ কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ খৰচ বাঢ়িব৷ প্রতিকাৰ – পুৱা গা ধুই তুলসীৰ গছত পানী ঢ়ালি সূর্য প্রণাম কৰিব৷
মীনঃ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷ দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷ প্রতিকাৰ – পূব দিশলৈ চাই গা ধুব আৰু সূর্য প্রণাম৷

লগতে পঢ়ক-

এটা মাখি… যাৰ বাবে এখন গাঁৱৰ সকলো মানুহ আৰু জীৱ-জন্তু হৈছে অন্ধ

You might also like