নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্থেবাৰীত আত্মহত্যা ঋণগ্রস্ত কঁহাৰ শিল্পীৰ

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ অতিমাৰী ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যত বিধ্বস্ত হৈছে সাধাৰণ লোকৰ জনজীৱন৷ কর্মসংস্থাপন হেৰুওৱাৰ লগতে বিধবস্ত হোৱা ক্ষুদ্র ব্যৱসায়ৰ লগত জড়িত নতুবা শিল্প কর্মৰ লগত জড়িত বহু লোক ঋণগ্রস্ত হোৱাৰ সমান্তৰালকৈ লঘোনীয়া পেটেৰে অতিবাহিত কৰিছে দিন৷ যাৰ বাবে ইজনৰ পিছত সিজনে বাছি লৈছে আত্মহত্যাৰ দৰে পথ৷ ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবেই ঋণগ্রস্ত হৈ আত্মহত্যাৰ পথ বাছি ল’ব লগা হ’ল ঐতিহাসিক কাঁহশিল্প নগৰী সর্থেবাৰীৰ এগৰাকী কঁহাৰ শিল্পীয়ে৷ কালি ছপাশালৰ এগৰাকী স্বত্বাধিকাৰে হতাশাত ভুগি আত্মহত্যা কৰাৰ পিছত আজি এগৰাকী কঁহাৰ শিল্পীয়ে একেই পথ বাছি লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷

বৰপেটা জিলাৰ কাঁহশিল্পনগৰী সর্থেবাৰীত সংঘটিত হ’ল এই কৰুণ ঘটনা৷ পৰিয়ালৰ লোকে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে, মাইক্র’ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব নোৱাৰা বাবেই হতাশাগ্রস্ত হৈ আত্মহত্যাৰ দৰে পথ বাছি ল’বলৈ বাধ্য হ’ল এইগৰাকী কাঁহশিল্পীয়ে৷ প্রকৃততে অতিমাৰী ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবে চৰম দুর্দশাগ্রস্ত হৈ জীৱন কটাবলগীয়া হৈছে ঐতিহাসিক সর্থেবাৰীৰ বহুকেইগৰাকী কঁহাৰ শিল্পীয়ে৷ বিগত প্রায় দুটা বছৰে সঠিকভাৱে কঁহাৰ গঢ়শালত কাম কৰিব পৰা নাই বহু কঁহাৰ শিল্পীয়ে৷ বহু কঁহাৰ শিল্পীৰ আখলত প্রায়ে নজ্বলে জুই৷ বিগত দুটা বছৰে পৰিয়াল চলাবলৈ বহু কঁহাৰ শিল্পী ঋণ লৈ হৈছে ধৰুৱা৷ বহু কঁহাৰ শিল্পীৰ পানীত হাঁহ নচৰা অৱস্থা৷ কোনো কোনো কঁহাৰ শিল্পীয়ে নিজৰ ঘৰত থকা কাঁহৰ বাচন–বর্তন বিক্রী কৰিও চলাইছে জীৱন সংগ্রাম আৰু এনেকুৱা এক পৰিৱেশৰ সন্মুখীন হৈ নিজৰ একমাত্র পুত্র আৰু পত্নীক এৰি চৰম সিদ্ধান্ত ল’লে ঋণগ্রস্ত কঁহাৰ শিল্পী বিশ্বজিৎ ডেকাই৷ উপায়বিহীন হৈ মাইক্র’ফাইনেঞ্চৰ পৰা ঋণ লৈছিল সর্থেবাৰীৰ তামুলী চুপাৰ কঁহাৰ শিল্পী বিশ্বজিৎ ডেকাই৷ ব্যক্তিগত লোকৰ পৰাও ঋণ লৈছিল বিশ্বজিৎ ডেকাই৷

উল্লেখ্য যে প্রতিভাৱান কঁহাৰ শিল্পী বিশ্বজিৎ ডেকাই নিজে কঁহাৰ গঢ়শালত কাম কৰিয়েই মাটি কিনি নিজাকৈ পকী ঘৰ সাজিছিল৷ কিন্তু বিগত বছৰত ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবেই প্রায় কর্মহীন হৈ পৰা বিশ্বজিৎ ডেকা দিশহাৰা হৈ পৰিছিল৷ যাৰ বাবেই পৰিয়ালত সৃষ্টি হৈছিল অশান্তিৰ৷ ইয়াৰ মাজতেই ক’ৰোনাত আক্রান্ত হৈ আইচিইউত ভর্তি হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল বিশ্বজিৎ ডেকাই৷ কোনোমতে ক’ৰোনামুক্ত হ’ল যদিও পৰিস্থিতিৰ বাবে মানসিক সন্তুলন হেৰুৱাই দিকবিদিক শূন্য হৈ পৰিছিল৷ উপায়বিহীন হৈ হতাশাগ্রস্ত কঁহাৰ শিল্পী বিশ্বজিৎ ডেকাই (৩৫) নিজৰ বাসগৃহতে নিশা চিপ লৈ আত্মহত্যা কৰে৷ হতাশাগ্রস্ততাই কাল হ’ল কঁহাৰ শিল্পী বিশ্বজিতৰ বাবে৷

উল্লেখ্য যে কিছুদিনৰ পৰা বন্ধুবর্গৰ আগত বিশ্বজিৎ ডেকাই প্রকাশ কৰি আছিল আত্মহত্যা কৰাৰ কথা৷ কালিও কৈছিল যে ঋণ পৰিশোধ কৰিব যিহেতু নোৱাৰে গতিকে তেওঁ আত্মহত্যা কৰিব৷ বন্ধুবর্গৰ লগতে পৰিয়ালৰ লোকে কালি সন্ধিয়া বুজনিও দিছিল৷ কিন্তু নিশা চিপ লৈ ওলমি থাকিল বিশ্বজিৎ৷ কালি গুৱাহাটী মহানগৰীত ছপাশালৰ এগৰাকী স্বত্বাধিকাৰে আত্মহত্যা কৰাৰ পিছত আজি সর্থেবাৰীত এগৰাকী কঁহাৰ শিল্পীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’বলগীয়া ঘটনাই সকলোকে ভবাই তুলিছে৷

You might also like