ৰাজীৱ শদিয়াৰ পত্নীৰ নামত ফেচবুক পেজ খুলি ধন সংগ্ৰহ, গ্ৰেপ্তাৰ সোণমণি
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলীয়াল গগৈৰ নামত দীৰ্ঘদিনৰ পৰা এটা ভুৱা ফেচবুক পেজ খুলি টকা সংগ্ৰহ কৰা “Upasana Gogoi FC” ৰ মূল ব্যক্তি সোণমণি দত্ত ওৰফে পৱন দত্তক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
সোণমণি দত্তই ফেচবুক পেজটোত বিভিন্ন ৰোগীৰ ফটো ব্যৱহাৰ কৰি বহু লোকৰ পৰা টকা সংগ্ৰহ কৰি আহিছিল। ধৃত সোণমণি দত্ত ওৰফে পবন দত্তৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনীৰ উৰিয়ামগুৰি গাৱঁত।
সোণমণি দত্ত ওৰফে পৱন দত্তই Upasana Gogoi FCৰ উপৰি জুবিন গাৰ্গৰ পাগল প্ৰেমিক নামৰ আন এটা ভুৱা ফেচবুক পেজ খুলি প্রয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলীয়াল গগৈলৈ মেচেজ কৰিছিল বুলি পোহৰলৈ আহিছে৷
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নীৰ এজাহাৰৰ ভিত্তিতহে সোণমণি দত্তই কৰা কাণ্ডৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
বিশেষ বাৰ্তা, তিনিচুকীয়া, ১১ আগষ্ট, ২০২৫