নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দুলীয়া-দাইনীজান হালালী সমন্বয় ক্ষেত্রত সোণোৱাল-কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ

  • ২৬ মাৰ্চৰ মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অসমৰ ভূমিপুত্ৰসকলৰ অন্যতম জনগোষ্ঠী সোনোৱাল কছাৰীসকলৰ ‘সোনোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-২০২৩ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন দুলীয়াত’ আৰম্ভ হৈছে । সোনোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ উপাদান, গীত-মাত নৃত্য আদিৰ চচা সকলো চামৰ মাজলৈ ত্বৰান্বিত কৰি নিয়াৰ লক্ষ্যৰে আৰু নতুন প্রজম্মক তেওঁলোকৰ প্ৰতিভা অনুৰূপে চর্চা আগবঢ়াই নিয়াৰ বাট উলিয়াই দিবৰ বাবে সোনোৱাল কছাৰী স্বায়ওশাসিত পৰিষদে উদযাপন কৰা এই মহোৎসৱখনি আজি পুৱা ৮-৪০ বজাত পদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ উদঘাটনেৰে শুভাৰম্ভ কৰে ডিব্ৰুগড় বিধায়ক প্রশান্ত ফুকনে। ১০ বজাত মহোৎসৱৰ মূল মঞ্চ আৰু প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই। উক্ত অনুষ্ঠ বহু কেইজন বিধায়ক উপস্থিত থকাৰ লগতে উপায়ুক্ত বিশ্বজিৎ পেগু, অসম চৰকাৰৰ উদ্যোগ বিভাগৰ সচিব ডাঃ লক্ষ্মণন এছ ,অসম চৰকাৰ বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ আয়ুক্ত ওইনাম সৰন কুমাৰ সিঙে বিশিষ্ট অতিথি হিচাপে আশগ্রহণ কৰে। উল্লেখ্য যে ২৬ মাৰ্চলৈকে অনুষ্ঠিত হ’বলগীয়া মহোৎসৱত সোনোৱাল কছাৰী সংস্কৃতিৰ প্ৰতিযোগিতা আৰু প্রদর্শন দুয়োটাই অনুষ্ঠিত হ’ব। পৰিষদৰ মুঠ ২৬ টা সমষ্টিত আয়োজন কৰা প্রাথমিক প্রতিযোগিতাত বিজয়ী প্রতিযোগীসকলে মহোৎসৱত নির্দিষ্ট শাখাত প্রতিবন্দ্বিতা আগবঢ়াব। সংস্কৃতিৰ উপৰি মহোৎসৱত ক্রীড়া প্রতিযোগিতাও অনুষ্ঠিত হ’ব। সোনোৱাল কছাৰী ক্রীড়া প্রতিভাসকলক সুযোগ প্রদান কৰা আৰু প্ৰতিভাক চিনাক্তকৰণ কৰাৰ লক্ষ্যৰে সোনোৱাল স্বায়ত্তশাসিত পৰিষদে এই পদক্ষেপ গ্ৰহণ কৰিছে। ক্রীড়াৰ ক্ষেত্ৰত ইতিমধ্যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠাসকলক মহোৎসৱত উদ্দীপনা বঁটাৰে সন্মানিত কৰিব। মহোৎসৱত কেৰিয়াৰ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্র অনুষ্ঠিত হ’ব। প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰু সফলতাৰ বাট – এই বিষয়ত অংশগ্রহণ কৰিব ২০২০ চনৰ ভাৰতীয় প্ৰশাসনীয় পৰীক্ষাত ২৬ সংখ্যক স্থান লাভ কৰা আই এ এছ বিষয়া পুলকিট সিঙে। মহোৎসৱত কেৰিয়াৰ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্র অনুষ্ঠিত হ’ব। ‘সোনোৱাল কছাৰী সংস্কৃতিৰ সংৰক্ষণ আৰু সংবর্তন’ বিষয়ক আলোচনা-চক্রখন অনুষ্ঠিত হ’ব ২৫ মার্চৰ বিয়লি ৫ বজাত। গগনচন্দ্ৰ সোনোৱাল সোঁৱৰণী বঁটাপ্ৰাপক শান্তনু দাস বৰহাজোৱালে সঞ্চালনা কৰিবলগীয়া এই আলোচনা-চক্রত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড° উপেন ৰাভা হাকাচামে আলোচক হিচাপে অংশগ্রহণ কৰিব। মহোৎসৱ উপলক্ষে এখনি বক্তৃতানুষ্ঠানো অনুষ্ঠিত হ’ব ২৪ মাৰ্চৰ পুৱা ১১ বজাত। ‘অসমৰ জনজাতিসকলৰ ভাষা-সাহিত্য চৰ্চা আৰু ইয়াৰ চেতনা প্রবাহ’ বিষয়ৰ বক্তৃতানুষ্ঠানত বক্তৃতা প্ৰদান কৰিব সাহিত্যিক পেঞ্চনাৰ, সোনোৱাল কছাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণেশ্বৰ সোনোৱালে। যুবক-যুবতীসকলৰ আত্মনিৰ্ভৰশীলতাৰ সহায়ক হোৱাকৈ জিলা বাণিজ্য কেন্দ্ৰৰ সহযোগত গাহৰি পালন আৰু মাংস প্রকৰণ, উদ্যামিতা বিকাশ, সমন্বিত কৃষি পদ্ধতিৰে কৃষকৰ দুগুণ উপাৰ্জন, লেয়াৰ কুকুৰা পালনৰ বুনিয়াদী প্রশিক্ষণ, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু পেকেজিং, মীন পালন আৰু পোনা উৎপাদন কৌশল, বাঁহশিল্প আ বাণিজ্যিকীকৰণ, বৃহৎ পৰিসৰত মৌপালনৰ পদ্ধতিগত প্ৰশিক্ষণ আৰু কাঠফুলা খেতি আৰু প্ৰকৰণ আদি নটা বিষয়ত প্রায়োগিক প্রশিক্ষণ অনুষ্ঠিত হ’ব। সোনোৱাল কছাৰী সমাজৰ দুগৰাকী বিশিষ্ট নাগৰিক, সমাজ সংগঠক, সাংস্কৃতিক কৰ্মী যুগল শ‍ইকীয়া আৰু শিক্ষাবিদ, লেখক নন্দেশ্বৰ কছাৰীক মহোৎসৱতে সন্মানীয় গগনচন্দ্র সোনোৱাল সোঁৱৰণী বঁটাৰে সন্মানিত কৰিব। মহোৎসৱৰ ২৫ মার্চ গ্রন্থ উন্মোচনী আৰু উদ্দীপনা বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্রীয় জাহাজ, বন্দৰ, জল পৰিবহণ দপ্তৰ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকাকে ধৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্রহণ কৰিব। ২৬ মাৰ্চৰ মুকলি সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰিব। মহোৎসৱত অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যমেলা, হস্ততাঁত, হস্তশিল্প সামগ্ৰীৰ মেলা আৰু জনগোষ্ঠীয় সংস্কৃতিও প্রদর্শিত হ’ব। মহোৎসৱৰ তিনিটা নিশা ‘আমাৰ শিল্পী আমাৰ গৌৰৱ’ শীর্ষক অনুষ্ঠানত সোনোৱাল কছাৰীসমাজৰ শিল্পীসকলে অনুষ্ঠান পৰিবেশন কৰিব। অন্তিম দিনৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত অন্যান্যসকলৰ সৈতে জনপ্রিয় শিল্পী নীল আকাশ আৰু মুম্বাইৰ প্রতিষ্ঠিত জনপ্রিয় শিল্পী মহম্মাদ ইৰফানে অনুষ্ঠান পৰিবেশন কৰিব। উক্ত দিনাই ন্দিৰ ১২-৩০ বজাত ৫,০০০ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া ‘লেছেৰী’ হ’ব মহোৎসৱৰ অন্যতম আকর্ষণীয় কার্যসূচী।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like