নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি নিৰ্মাণৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

  • নিৰ্দ্ধাৰিত সময়ত মথাউৰিৰ কাম সমাপ্ত কৰিবলৈ বিভাগীয় অভিযন্তা-ঠিকাদাৰক নিৰ্দেশ মন্ত্ৰী হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তামুলপুৰ সমষ্টিৰ অন্তৰ্গত দুটা অঞ্চল ভ্ৰমণ কৰি পাগলাদিয়া আৰু শুক্লাই নদীৰ মথাউৰি মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । প্ৰথমতে মন্ত্ৰীগৰাকীয়ে হাঁহকটা অঞ্চলত নিৰ্মীয়মান পাগলাদিয়া নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বিগত বাৰিষাত অঞ্চলটোত মথাউৰি চিগি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰিছিল । বিভাগীয়ভাৱে প্ৰায় ১৬ কোটি টকা ব্যয়েৰে মথাউৰিৰ চিগা অংশ মেৰামতি কৰাৰ লগতে মথাউৰি ওখ আৰু শক্তিশালী কৰাৰ কাম চলি আছে । আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশনা প্ৰদান কৰে ।

পাছত মন্ত্ৰী হাজৰীকাই ভোলাঝাৰ অঞ্চলত উপস্থিত হৈ অঞ্চলটোত নিৰ্মীয়মান শুক্লাই নদীৰ মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লয় । অঞ্চলটোত বিগত বানত চিঙা মথাউৰি মেৰামতি আৰু ওখ কৰাৰ বাবে জলসম্পদ বিভাগৰ পৰা প্ৰায় ৪.৯ কোটি টকাৰ আঁচনি গ্ৰহণ কৰি কাম কৰি থকা হৈছে ।

মন্ত্ৰীগৰাকীৰ সৈতে আজিৰ পৰিদৰ্শনকালত তামুলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ লগতে বিভাগীয় মুখ্য অভিযন্তা আৰু আন বিষয়াসকল উপস্থিত আছিল ।

You might also like