নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮.৫ ফুট দৈর্ঘ্যৰ দাড়িৰে অভিলেখ ছাৰৱান সিঙৰ

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: অতি যতনেৰে ৰখা দাড়িৰ দৈর্ঘ্য হ’লগৈ ২.৫৪ মিটাৰ, অর্থাৎ প্রায় ৮ ফুট ৬ ইঞ্চি৷ এই দীর্ঘ দাড়িৰ জৰিয়তে অভিলেখ গঢ়িলে কানাডাত থকা ভাৰতীয় মূলৰ শিখ লোক ছাৰৱান সিঙে৷ ইয়াৰ পূর্বেও বিশ্বৰ আটাইতকৈ দীঘলীয়া দাড়ি থকাৰ কৃতিত্ব আছিল ছাৰৱান সিঙৰ৷ এইবাৰ নিজেই নিজৰ অভিলেখ ভাঙিলে ভাৰতীয় মূলৰ কানাডাৰ নাগৰিক ছাৰৱানে৷ ২০০৮ চনত প্রথমবাৰৰ বাবে বিশ্বত আটাইতকৈ দীঘলীয় দাড়ি থকাৰ অভিলেখ গঢ়িছিল ছাৰৱানে৷ সেই সময়ত ছাৰৱানৰ দাড়িৰ দৈর্ঘ্য আছিল প্রায় ৮ ফুট৷ অৱশ্যে দীঘলীয়া দাড়িৰে অভিলেখ গঢ়িলেও ছাৰৱানৰ দাড়ি এতিয়া সম্পূর্ণৰূপে বগা হৈ পৰিছে৷

You might also like