নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিত্ৰকলাত বিশেষ সন্মান লাভ দুলীয়াজানৰ দেৱস্মিতাৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ কালাকৃতি আৰ্ট ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত “ৰাষ্ট্ৰীয় বাল কলা সন্মান ২০২২”ৰ পেইণ্টিং শাখাত মনোনয়ন দাখিল কৰি বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী দেৱস্মিতা ভৰদ্বাজে। উল্লেখযোগ্য যে অনলাইন যোগে বিভিন্ন শাখাৰ অধীনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত “ৰাষ্ট্ৰীয় বাল কলা সন্মান ২০২২”ৰ পেইণ্টিং শাখাত ১৮ বছৰৰ অনুৰ্ধত দেৱস্মিতাই মনোনয়ন দাখিল কৰিছিল। এই মনোনয়ন সমৰ্থন কৰিবলৈ দেৱস্মিতাই প্ৰমাণপত্ৰৰ সৈতে নিজেই প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ চিত্ৰ জমা কৰিছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ পৰা জুৰিৰ বিশিষ্ট পেনেলৰ দ্বাৰা ঘোষিত ফলাফলত উজ্বলিল দুলীয়াজানৰ দেৱস্মিতা ভৰদ্বাজ। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মান অৰ্জন কৰাৰ পূৰ্বেও দেৱস্মিতাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেইণ্টিং প্ৰতিযোগিতাত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। লগতে শিশু আলোচনী মৌচাকত বিশেষ বিহু সংস্কৰণৰ ক’ভাৰ পেজতো নিজস্ব চিত্ৰশৈলীৰে প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছিল। দেৱস্মিতা এম আৰ এছ ইণ্ডিয়া ৱৰ্ল্ড ২০২১-ৰ বিজয়ী সুস্মিতা ফুকন আৰু দুলীয়াজানৰ অসম গেছ কোম্পানী লিমিটেডৰ মুখ্য প্ৰৱন্ধক দেৱাশীষ ফুকনৰ একমাত্ৰ কন্যা।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like