নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আৰক্ষীৰ গাড়ীচালকৰ ভয়ত ছাত্ৰীৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ হোজাইৰ ডবকাৰ আমবাৰী ঘনীয়াৰপাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ ঘটনা অনুসৰি ডবকা হাজী আনফৰ আলী কলেজৰ এগৰাকী ছাত্ৰীক ডবকা থানাৰ গাড়ী চালকে অপহৰণৰ ভাবুকি প্ৰদান কৰাত ছাত্ৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লোৱাৰ অভিযোগ উঠিছে৷ ছাত্ৰীগৰাকীক কলেজত অহা-যোৱাত বাধা প্ৰদান কৰিছিল থানাৰ গাড়ীচালকে৷ থানাৰ গাড়ীচালকৰ ভাবুকিত পৰীক্ষা দিব নোৱাৰি ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি অভিযোগ উঠিছে৷ এগৰাকী কলেজীয়া ছাত্ৰীৰ আত্মহত্যাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য৷ আত্মহত্যা কৰা ছাত্ৰীগৰাকীৰ নাম ৰিপা বেগম লস্কৰ বুলি জানিব পৰা গৈছে৷ ৰিপা ডবকাৰ হাজী আনফৰ আলী কলেজৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী৷ ইফালে কলেজীয়া ছাত্ৰীগৰাকীক অপহৰণৰ ভাবুকি দিয়া থানাৰ গাড়ী চালকজনৰ নাম ইঞ্জামুল হক বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে কলেজীয়া ছাত্ৰীগৰাকী কলেজলৈ অহা-যোৱাৰ সময়তে থানাৰ গাড়ীচালকজনে দীৰ্ঘদিনৰ পৰা অশ্লীল ইংগিত দিয়াৰ লগতে অপহৰণ কৰি নিয়াৰো ভাবুকি দিছিল। ইতিমধ্যে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে যুৱকজন ডবকা থানাৰ গাড়ী চালক আছিল বুলি মোৰাঝাৰ থানাত ৰুজু গোচৰ কৰিছে৷ বাতৰি অনুসৰি ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like