নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন অসমীয়া ছবি ইমনৰ শুভ মহুৰত সম্পন্ন

বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নতুন অসমীয়া ছবি ‘ইমন’ৰ শুভ মহুৰত সম্পন্ন হয়৷ ইমন ক্ৰিয়েচনৰ বেনাৰত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চিনেমা৷ সাংবাদিক-লেখক বিদ্যুৎ কুমাৰ ভূঞাই আঁত ধৰা আজিৰ এই শুভ মহুৰত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে যশস্বী পৰিচালক মঞ্জু বৰা, সংগীতশিল্পী-অভিনেতা ডাঃ হিতেশ বৰুৱা, পৰিচালক বাণী দাস, অভিনেতা জগদীশ ভূঞা, অভিনেতা ৰাজীৱ ভট্টাচাৰ্য উপস্থিত থাকে৷ অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে মঞ্জু বৰাই৷ ‘ইমন’ ছবিখনৰ প্ৰযোজনা বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈ দাসৰ৷ ইমনৰ কাহিনী পৰিচালনা অসীম বৈশ্যৰ৷ চিত্ৰনাট্য-সংলাপ মৃদুল কুমাৰ বৰাৰ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক প্ৰশান্ত বৰা৷ সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা৷ চিনেমাখনত মাধুৰীমা চৌধুৰী, দেৱজিৎ মজুমদাৰ, প্ৰতিভা চৌধুৰী, মহেন্দ্ৰ দাস, মুনমী ফুকন, সিদ্ধাৰ্থ শৰ্মা, দ্বীপজ্যোতি কেওঁট, চিমি ৰায়ান, বিকি, ৰাজীৱ গোস্বামী, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, স্নিগ্ধা গগৈ, ববী শইকীয়া বৰা, চাজু, সমীৰণ গোস্বামী আদিকে ধৰি বহুকেইগৰাকী নবীন প্ৰবীণ শিল্পীয়ে অভিনয় কৰিব। ‘ইমন’ৰ সংগীত পৰিচালক হিচাপে আছে ইবচন লাল বৰুৱা৷ ৰূপসজ্জা ভাস্কৰজ্যোতি দত্ত আৰু ভূমিকা তালুকদাৰৰ৷ চিত্ৰগ্ৰহণ কৰিছে চিন্ময় ৰাভাই৷ সম্পাদনা অসীম শৰ্মাৰ৷ ছবিখনৰ দৃশ্যগ্ৰহণ গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও স্থান আৰু এটি গীতৰ দৃশ্যগ্ৰহণ গোৱাত কৰা হ’ব বুলি পৰিচালকে জানিবলৈ দিছে৷ ছবিখনৰ দৃশ্যগ্ৰহণ আজিৰে পৰা আৰম্ভ হৈছে৷

You might also like