নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ৰ পৰা ১৬ শতাংশ পর্যন্ত ক’ভিড সামগ্রীৰ জিএছটি হ্রাস

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক’ভিড–১৯ ভেকচিনৰ মূল্য অপৰিৱর্তিত ৰখা হৈছে৷ অর্থাৎ ভেকচিনত পাঁচ শতাংশ জি এছ টি আৰোপ বাহাল থাকিব৷ শনিবাৰে জি এছ টি পৰিষদৰ ৪৪সংখ্যক বৈঠকত এই সিদ্ধান্তৰ লগতে আন কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ অধ্যক্ষতাত সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ বিত্তমন্ত্রীসহ ৰাজ্য–কেন্দ্রীয় চৰকাৰৰ শীর্ষ বিষয়াৰ উপস্থিতিত ভিডিঅ’ কনফাৰেঞ্চযোগে অনুষ্ঠিত জি এছ টি পৰিষদৰ ৪৪সংখ্যক বৈঠকত ভেকচিনৰ মূল্য অপৰিৱর্তিত ৰখা হয় যদিও ক’ভিড সামগ্রীৰ জি এছ টি হ্রাস কৰা হয়৷

বৈঠকৰ অন্তত আয়োজিত সংবাদ মেলত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰে৷ ঘোষিত অনুসৰি ক’ভিড সামগ্রী বিশেষকৈ পালছ অক্সিমিটাৰৰ জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্রাস কৰা হয়৷ তেনেদৰে এম্বুলেঞ্চৰ জি এছ টি ২৮ শতাংশৰ পৰা ১২ শতাংশলৈ হ্রাস কৰা হয়৷ ক’ভিড চিকিৎসাত ব্যৱহূত ৰেমডেছিভিৰ ঔষধৰ জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্রাস কৰা হয়৷

ইপিনে, ব্লেক ফাংগাছৰ চিকিৎসাত ব্যৱহূত সকলো ঔষধ জি এছ টিৰ পৰা ৰেহাই দিয়া হৈছে৷ অর্থাৎ এই ঔষধত জি এছ টি আৰোপ কৰা নহয়৷ ফাংগাছৰ ঔষধ টছিল’জুমাব আৰু এমফ’টেছিৰিন–বিৰ ওপৰত কোনো জি এছ টি নাথাকিব৷

উল্লেখ্য যে ভেকচিনত ৫ শতাংশ জি এছ টি বাহাল থাকিব বুলি উল্লেখ কৰি বিত্তমন্ত্রীগৰাকীয়ে কয় যে ইতিপূর্বে ঘোষণা কৰাৰ দৰে কেন্দ্রই ৭৫ শতাংশ ভেকচিন ক্রয় কৰিব আৰু এই ভেকচিনৰ জি এছ টি কেন্দ্রই বহন কৰিব৷ ৰাজ্য চৰকাৰে কোনো ধন ব্যয় কৰিব নালাগে৷ ভেকচিনৰ পৰা উপার্জিত জি এছ টি সংগ্রহৰ ৭০ শতাংশ ৰাজ্যসমূহক প্রদান কৰিব৷ কালি ঘোষিত এই সিদ্ধান্তসমূহ অহা ছেপ্টেম্বৰলৈকে বাহাল থাকিব৷

You might also like