নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত নাওখেল প্ৰতিযোগিতাত অঘটন, নিয়ন্ত্ৰণ হেৰুৱাই ডুবিল নাও

নগৰবেৰাৰ ৰঙ্গেশ্বৰী পামত নাওখেল প্ৰতিযোগিতাত অঘটন। কালি আবেলি খেল চলি থকাৰ মাজতে সংঘটিত হয় এক দুৰ্ঘটনা। হঠাৎ নৈৰ দ পানীত ডুব যায় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এখন নাও। কথমপি ৰক্ষা পৰে দহ বাৰজনকৈ লোক।

উল্লেখ্য যে সোমবাৰৰ পৰা ৰঙ্গেশ্বৰী পাম জনতা বজাৰৰ কাষতে জলজলী নৈত আৰম্ভ হৈছে সৰু নাওখেল প্ৰতিযোগিতা। খেলখনত এঘাৰখনকৈ সৰু নাৱে অংশগ্ৰহণ কৰিছিল। ৰাইজৰ হৰ্ষোল্লাসৰ মাজত চলি থকা নাওখেলখনৰ এটা ৰাউণ্ডত ৰঙ্গেশ্বৰী গাঁৱৰ প্ৰতিযোগী নাওখনে জয়লাভ কৰাৰ পাছতে জয়ৰ আনন্দ উল্লাহত নাৱৰ পৰা জঁপিয়াই পানীত নামে দুজনকৈ খেলুৱৈ লগে লগেই নাওখন নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুব যায়।

ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। উদ্যোক্তা সমিতিৰ লোকৰ তৎপৰতাত ওচৰতে থকা যন্ত্ৰচালিত নাৱেৰে দুৰ্ঘটনাত পতিত লোকসকলৰ লগতে ডুব যোৱা নাওখন উদ্ধাৰ কৰে। ফলত ৰক্ষা পৰে খেলুৱৈসকল আৰু যাৰ বাবে এই দুৰ্ঘটনাত কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৯ ছেপ্টেম্বৰ

You might also like