নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক বন্দিতা ফুকনক হাউলী বঁটা প্ৰদান

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া জাতিৰ পিতৃপুৰুষ -বন্দিতা ফুকন

৯৮ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সৰ্বশ্ৰেষ্ঠ হাউলী বঁটা লাভ কৰাৰ পিছত সাহিত্যিক গৰাকীয়ে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সকলো বিষয়ববীয়াৰ শলাগ লৈ কয় “মই অভিভূত হৈছো আৰু সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো যে মোৰ নিচিনা এজনী অভাগিনীক এনেকুৱা এটা বঁটাৰ বাবে নিৰ্বাচন কৰিছে। মই বঁটাৰ যজ্ঞ জানোঁ?

ঘৰতে বহি লিখা-মেলা কৰো। আগতে চাকৰি কৰিছিলো যদিও এতিয়া অৱসৰ হৈছো। মই যেতিয়া পঢ়ি আছিলোঁ মোৰ বিভাগটোত কোনো মহিলা নাছিলে। সেই কাৰণে মোৰ ওপৰত বহুত হেছা আছিল। কিন্তু সৰুৰে পৰা মই বহুত কিতাপ পঢ়িছিলোঁ। আমাৰ দিনত কোনো কৰ্মশালা নাছিলে। সেয়ে বহুত কিতাপ পঢ়িছিলোঁ।লিখিব লাগিলে ভাল ভাল কিতাপ পঢ়িব লাগিব।

দেশী বিদেশী সকলো ধৰণৰ কিতাপ পঢ়িব লাগিব। তেতিয়া কিতাপবোৰ পঢ়িলে মনত ভাব হয় মই যদি লিখিলো হয় মই এনেদৰে নিলিখিলো হয় ,তেতিয়াই ভাবিব সাহিত্য জগত খনত মই ভৰি দিব পাৰিলো ।

আমাৰ আচল যিজন গুৰু, শ্ৰীমন্ত শংকৰদেৱ , তেওঁ এনে এজন গুৰু যি জনৰ ফলত অসমত বিশৃংখল পৰিস্থিতিৰ পৰা সুস্থ পৰিবেশৰ সৃষ্টি হৈছিল, সেই সময়ত আমাৰ জাতিটোক ভগৱানৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰাই দিলে। সেই সময়ত সংস্কৃত ভাষাত সকলোবোৰ আছিল কিন্তু গুৰুজনাই অসমীয়া ভাষাত সকলোবোৰ লিখি দিলে।যাৰ ফলত জাতিটোৱে সকলোবোৰ কৰিব পৰা হৈ গ’ল।

ৰাস লীলাৰ কথা তেওঁৱেই প্ৰথমে কৈছিল। তেওঁ কি নাছিল, সাহিত্যিক, অভিনেতা, গীতিকাৰ নাট্যকাৰ, শিল্পী সকলোবোৰ। বিভিন্ন ৰংৰ সৃষ্টি কৰিছিল ফুলৰ, গছৰ পাতৰ পৰা। তেওঁ বিভিন্ন মাধ্যমেৰে ভগৱানৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব খুজিছিল। তেওঁ নিৰাকাৰ ভগৱানৰ কথা ভাবিছিল।

শংকৰদেৱ অসমীয়া জাতিৰ পিতৃপুৰুষ আছিল। জাতিটোৰ গঠন তেওঁৱেই কৰিছিল। তেওঁক বিশ্ব দৰবাৰত স্থাপন কৰিব পৰা নাছিল। তেওঁ ৰজা আৰু মহিলাক শৰণ দিয়া নাছিল। তেওঁৰ নিচিনা মহান মহাপুৰুষ এজনৰ জন্মগ্ৰহণ হৈছিল এই অসম দেশত। গতিকে মই গৌৰৱান্বিত।

মই যে অসম দেশত জন্ম গ্ৰহন কৰিব পাৰিছো। তেখেতৰ যি গীত মাত সকলো ধ্ৰুপদী ভাষা হল।এইবোৰ ভাবিলে গৌৰৱ অনুভৱ কৰো। নিৰ্জন ৰাত, নিমাত সকলো, জিলিৰ পোহৰো নাই,সেই সময়ত সকলো গোপী শুব গৈছে। তেনেকুৱা এটা মনত ভাৱি লওক। সেই সময়ত বাঁহীৰ সুন্দৰ মাত ভাহি আহে।

সেই বাঁহীৰ মাতত গোপী সকলে শ্ৰী কৃষ্ণৰ বাঁহীৰ মাত শুনিবৰ বাবে গোপী সকল ব্যাকুল হৈ থাকে। সেই ৰাসৰ হাউলী বঁটা যি সকল লোকে লাভ কৰিছে সেই সকল মহান ব্যক্তিৰ নাম শুনি মোৰ এনেকুৱা লাগিছে মই এই বঁটাৰ বাবে যজ্ঞ বুলি হাউলী ৰাস সমিতিয়ে মোক নিৰ্বাচন কৰাৰ বাবে মই হাউলী ৰাসৰ সকলো কায্যকৰ্তাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম বুলি সাহিত্যিকগৰাকীয়ে বঁটা লাভ কৰি এনেদৰে কয়।

নিয়মীয়া বাৰ্তা, হাউলী, ১৮ নৱেম্বৰ

You might also like