নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্যসমাপ্ত নির্বাচন আৰু অসমৰ ৰাজনীতি

ফখৰুদ্দিন আহমেদ

ভাৰতবর্ষৰ পুডুচেৰী, তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু অসমত চলিত ইং ২০২১ বর্ষত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নির্বাচনৰ ফলাফলত কেন্দ্রত শাসনাধিষ্ঠিত বিজেপি দলে অসমত প্রধানকৈ ইউ পি পি এল আৰু অগপৰ সৈতে মিত্রজোঁটৰ চৰকাৰ গঠন কৰিবলৈ সমর্থ হোৱাৰ বাহিৰে বাকী চাৰিখন ৰাজ্যৰ ভোটাৰে একপ্রকাৰে গ্রহণ নকৰিলে বুলি ক’লেও ভুল কোৱা নহ’ব৷ অসমত বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সমর্থ হোৱাৰ মূল কাৰক হিচাপে ‘কা’ আন্দোলন আৰু মহাজোঁট বন্ধনত কংগ্রেছৰ সৈতে এ আই ডি ইউ এফৰ মিত্রতাকে ঠাৱৰ কৰিব পাৰি৷
ইতিমধ্যে কেন্দ্রীয় চৰকাৰে অনুমোদন জনোৱা নাগৰিকত্ব সংশোধনী আইনৰ প্রতিবাদত অসমত হোৱা ব্যাপক আন্দোলনৰ ফলস্বৰূপে দুটাকৈ আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছিল৷ ফলাফল অনুসৰি অসম বিধানসভাৰ নির্বাচনত জেলৰ কুঠৰীৰ পৰাই নির্বাচন খেলি শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক ৰূপে জিকি আহিবলৈ সক্ষম হোৱা কৃষক আন্দোলন আৰু ‘কা’ আন্দোলনৰ প্রধান নেতা অখিল গগৈৰ নেতৃত্বত গঠিত হোৱা ‘ৰাইজৰ দল’ আৰু সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক, সুবক্তা লুৰিণজ্যোতি গগৈৰ নেতৃত্বত ‘অসম জাতীয় পৰিষদ’৷ কৃষক নেতা অখিল গগৈ আৰু প্রাক্তন ছাত্রনেতা লুৰিণজ্যোতি গগৈয়ে সাম্প্রতিক অসমত নিজৰ নিজৰ নেতৃত্বত দুটাকৈ আঞ্চলিক দলৰ জন্ম দিয়াটো কোনো কাৰণতে সমীচীন নাছিল৷ নির্বাচনৰ ফলাফলত দেখা গ’ল যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলে প্রায়ভাগ বিধানসভা সমষ্টিতেই প্রার্থী প্রক্ষেপ কৰিছিল যদিও অখিল গগৈৰ বাহিৰে আন প্রার্থীসকলে শেষ হঁাহি মাৰিবলৈ সক্ষম নহ’লগৈ৷ আশ্চর্যকৰ বিষয় হ’ল যে অসম জাতীয় পৰিষদ দলৰ স্বয়ং সভাপতি লুৰিণজ্যোতি গগৈয়ে দুটাকৈ সমষ্টিৰ পৰা নির্বাচনত অংশগ্রহণ কৰি শেষত গৈ মুখথেকেচা খাব লগা হৈছে৷ ইয়াৰ জৰিয়তে প্রমাণ হৈছে যে অসমৰ মানুহে আঞ্চলিকতাবাদ বুলি ঘোষণা কৰিলেই চকু মুদি সম্প্রতি ভোটদান নকৰে কাৰণ অসমীয়াৰ স্বাভিমান আছে৷ এই স্বাভিমানে বুজি উঠিছে যে আঞ্চলিকতাবাদ বা জাতীয়তাবাদ যি বুলিয়েই ৰাজনৈতিক দলৰ জন্ম নিদিয়ক কিয়, এই দলবোৰ অসমত ৰাজনৈতিক নেতাৰ জন্ম দিয়া একো একোটি কাৰখানালৈ ইতিমধ্যে পর্যবসিত হৈছে, যি সকলে ৰাজনৈতিক নেতা হিচাপে প্রতিষ্ঠা লাভ কৰাৰ পিছত কেৱল গাদীৰ লোভত কি আঞ্চলিকতাবাদ, কি ৰাষ্ট্রীয়তাবাদ একো বুজি নাপায়৷
যোৱাটো নির্বাচনত বিজেপিৰ মিত্রজোঁটৰ পৰা একপ্রকাৰ লাজে–পমানে ওলাই আহি নির্বাচনৰ প্রাকমুহূর্তত কংগ্রেছ মহাজোঁটত অংশগ্রহণ কৰা বি টি আৰৰ প্রধান ৰাজনৈতিক দল বি পি এফে টলকিবই পৰা নাছিল যে অসমৰ ৰাজনৈতিক জগতৰ চাণক্য সদৃশ ড০ হিমন্ত বিশ্ব শর্মাৰ কু–মন্ত্রণাত বি টি আৰত তেওঁলোকৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈছে৷ যাৰ প্রমাণ স্বৰূপে মিত্রজোঁটত মন্ত্রিত্বৰ গাদীৰ সোৱাদ পোৱা ৰিহণ দৈমাৰী, চন্দন ব্রহ্ম আৰু প্রমীলাৰাণী ব্রহ্মই নির্বাচনী যুদ্ধত বহুত বেয়াকৈ ইউ পি পি এলৰ প্রার্থীৰ হাতত আত্মসমর্পণ কৰিব লগা হ’ল৷ তেওঁলোকৰ শৰীৰত এতিয়াহে চেতনা আহিছে, কিন্তু সময় ইতিমধ্যেই হাতৰ পৰা ওলাই গৈছে৷ বি পি এফে কংগ্রেছ মহাজোঁটৰ লগত লগ নালাগি স্বয়ংচিতীয়াভাৱে নির্বাচন খেলিলে ফলাফল অন্যধৰণৰ হ’লহেঁতেন বুলি ভাবিব পৰা যায়৷ কংগ্রেছ মহাজোঁটত অংশগ্রহণ কৰি আসনৰ ভাগ বাটোৱাৰাৰ জৰিয়তে বিগত ইং ২০১৬ত থকা বিধায়কৰ সংখ্যা চলিত বর্ষৰ নির্বাচনত এ আই ইউ ডি এফে ছয়গৰাকীকৈ বিধায়ক হেৰুৱালে৷ লগতে পূর্বতকৈ বহুত বেছি পৰিমাণে ভোটাৰৰ জনমানসত সাম্প্রদায়িক দল হিচাপে প্রতিষ্ঠিত হ’ল৷ যাৰ ফলস্বৰূপে অসমৰ হিন্দু ধর্মাৱলম্বীসকলৰ ভোট সাম্প্রদায়িকভাৱেই বিজেপি দলৰ সমর্থনত একগোট হোৱাত সহায়ক হ’ল৷ উজনি অসমত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে ‘কা’ আন্দোলনকাৰীৰ ভোট বিভাজন কৰি আৰু মধ্য তথা নামনি অসমত এ আই ডি ইউ এফক সাম্প্রদায়িক দল হিচাপে প্রতিষ্ঠা কৰি হিন্দু ধর্মাৱলম্বী লোকৰ ভোট একগোট কৰি বিজেপি মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাত কৃতকার্যতা লাভ কৰিলে৷
নির্বাচনৰ পূর্বৰে পৰা বিজেপিৰ ৰাজনৈতিক নেতাসকলৰ মুখত মোগল সভ্যতা, দাডি–লুংগীক কেতিয়াও দিছপুৰত প্রৱেশ কৰিবলৈ দিয়া নহ’ব, বিজেপিক ভোট দিয়ক নহ’লে মৌলানা বদৰুদ্দিন আজমল মুখ্যমন্ত্রী হ’ব, বিজেপিয়ে চৰকাৰ গঠন কৰিলে মৌলানা বদৰুদ্দিন আজমলক বাংলাদেশলৈ পঠিওৱা হ’ব, লাভ জিহাদ, ক’ৰোনা জিহাদ, নিজামুদ্দিনৰ অসম আক্রমণ, অসমৰ মজছিদবোৰত নামাজ বন্ধ কৰা হ’ব তাৰ বিপৰীতে কংগ্রেছ মহাজোঁটে চৰকাৰ গঠন কৰিলে মন্দিৰ, নামঘৰত নমাজ পঢ়িব আৰু শিলাদিত্য–সত্যৰঞ্জ বৰাৰ মুখৰ লেকামহীন মুছলমানবিদ্বেষী বক্তব্য ইত্যাদিয়ে অসমৰ সাতামপুৰুষীয়া সম্প্রীতি বিনষ্ট কৰাৰ অপচেষ্টা কৰাৰ লগতে আন্তঃধর্মীয় পৰম্পৰাগত বিশ্বাসৰ দেৱালখনত ফাট মেলাবলৈ পূর্ণমাত্রাই সফল হৈছে৷
ইফালে, বিগত অসমৰ বিজেপিৰ চৰকাৰখনে সদনৰ মজিয়াত মাদ্রাছা শিক্ষা চৰকাৰী খণ্ডত বন্ধ কৰিবলৈ লোৱা শিক্ষা সংশোধনী আইনখন কংগ্রেছ মহাজোঁট চৰকাৰ গঠন হোৱাৰ লগে লগে বাতিল কৰা হ’ব, পাঁচটা অংগীকাৰ আৰু অনলাইন পঞ্জীয়নৰ জৰিয়তে পোন্ধৰ লাখ নিবনুৱাক চাকৰিত মকৰল কৰা হ’ব আদি নাভূত–নাশ্রুত প্রতিশ্রুতিৰ জৰিয়তে যে অসমৰ জনতাক আভুৱা–ভাঁৰিব নোৱাৰি এই শিক্ষা গ্রহণ কৰা অৱশ্যেই প্রয়োজনীয়৷ কাৰণ এইবাৰৰ নির্বাচনত মোদী লহৰ নাই, কোনো প্রতিষ্ঠানবিৰোধী ঢ়ৌ নাই৷ তেনে পৰিপ্রেক্ষিতত কংগ্রেছ দলৰ সভাপতি আৰু নিজকে মুখ্যমন্ত্রীৰ দৌৰৰ দাবীদাৰ বুলি ঘোষণা কৰা ৰিপুণ বৰা ডাঙৰীয়াই নিজৰ সমষ্টিটোকে উদ্ধাৰ কৰিব নোৱৰাটো লাজৰ বিষয় হিচাপে জনমানসত চিৰদিন থাকি যাব৷
সাধাৰণ জনতাই সদায় মূল্যবোধৰ ৰাজনীতি বিচাৰে আৰু ৰাজনৈতিক নেতাই কেৱল ৰাজনৈতিকভাৱে ক্ষমতাত টিকি থাকিবৰ কাৰণে মূল্যবোধৰ ৰাজনীতি পৰিহাৰ কৰি কুটিল ৰাজনীতিৰ আশ্রয় গ্রহণ কৰে৷ যাৰ দ্বাৰা ৰাজ্যৰ ৰাজনীতিৰ পৰিৱেশ আৰু পৰিস্থিতি তৰল অৱস্থালৈ গতি কৰে৷ সেয়ে সাম্প্রতিক ৰাজনীতিত মূল্যবোধৰ ৰাজনীতিত জড়িতসকলে মূল্যবোধৰ ৰাজনীতিৰ এটি সবল ধাৰাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰা উচিত আৰু তাৎপর্যপূর্ণ হৈ পৰিছে৷
ফোনঃ ৮৬৩৮৩–১২৭০৭

You might also like