নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সুশান্তই আত্মহত্যা কৰা নাই, এয়া এক পৰিকল্পিত হত্যাকাণ্ড’

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা নাছিল এয়া এক পৰিকল্পিত হত্যাকাণ্ডহে আছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। য’ত কোৱা হৈছে যে আৰক্ষীৰ সোধাপোছাৰ অন্তত অংকিতা লোখণ্ডেই কিছু কথা ব্যক্ত কৰিছে। অংকিতাই ব্যক্ত কৰিছে যে সুশান্তৰ ঘনিষ্ঠ বন্ধু সন্দীপ সিং আৰু প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে পৰিকল্পিতভাৱে হত্যা কৰিছে সুশান্তক। সুশান্তৰ পোষ্টমৰ্টেম ৰিপৰ্টতো আত্মহত্যা বুলি ঠিক প্ৰকাশ পোৱাৰ পাছতো এয়া যেন অকল্পনীয় অংকিতাৰ বাবে।

অংকিতাৰ মতে সুশান্তৰ মৃত্যুৰ খবৰো প্ৰথমে সন্দীপ সিঙক দিয়া হৈছিল। সুশান্ত আৰু সন্দীপৰ মাজত কিছু মতানৈক্য আছিল। বলীউদত কাম কৰিব বিচাৰিছিল সন্দীপে কিন্তু বলীউদত নিজৰ স্থিতিৰ বাবে কৰিব লগা সংগ্ৰামখনৰ কথা ভালকৈ জানিছিল সুশান্তই। সন্দীপৰ বাবে বাধা হৈ পৰিছিল সুশান্ত। পৰৱৰ্তী সময়ত ৰিয়া চক্ৰবৰ্তীৰ সৈতেও প্ৰেমৰ সম্পৰ্ক নহ’লেও ঘনিষ্ঠতা বাঢ়িছিল সন্দীপৰ। সেয়ে দুয়ো মিলি এনে এক হত্যা কৰিব পাৰে বুলি কয় অংকিতাই।

আনহাতে আন এক পোষ্ট যোগে সন্দীপ সিঙে কয় যে অংকিতা সুশান্তৰ প্ৰেয়সীয়েই নাছিল। এগৰাকী মাতৃ স্বৰূপ আছিল। অংকিতাৰ লগত সুশান্ত বিয়া হোৱাটো বিচাৰিছিলো। অংকিতাই সুশান্তক বচাব পাৰিলে হয় বুলি মন্তব্য কৰিছিল।

সমগ্ৰ ঘটনাত এতিয়া ৰহস্য ঘনীভূত হৈছে। এতিয়াও সুশান্তক পাহৰিব নোৱাৰা অংকিতাই কথাই প্ৰতি উচুপিছে। সুশান্তৰ আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছিল নেকি? কি মানসিক অন্তৰ্দ্বন্দত ভুগিছিল সুশান্তই। সেয়া হয়তু কিছু দিনৰ পাছত পোহৰলৈ আহিব।

You might also like