নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত ঐতিহাসিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতিঃ উদযাপন সমিতি গঠন

 

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ : বিহু সম্ৰাট খৰ্গেশ্বৰ গগৈ আৰু তিতাবৰৰ কেইজনমান সমাজহিতৈষী ব্যক্তিৰ উদ্যাগত তিতাবৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দীৰ্ঘবছৰৰ পৰা অনুষ্ঠিত হৈ অহা ঐতিহাসিক তিতাবৰ ৰঙালী বিহু সন্মিলনখন এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। বীৰ লাচিত সেনা অসম তিতাবৰ নগৰ সমিতিৰ উদ্যোগত আৰু তিতাবৰ বিধানসভা সমষ্টি উন্নয়ন সমিতিৰ সহযোগত ১৮ এপ্ৰিলত বিহু সন্মিলনখন উদযাপনৰ ঠিৰাং কৰিছে। উল্লেখ্য যে বিগত কেইটামান বছৰ বিভিন্ন কাৰণত এই বিহু সন্মিলনখন অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এই বছৰ অতি উৎসাহেৰে ২৭ সংখ্যক তিতাবৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন অনুষ্ঠিত কৰিবৰ বাবে তিতাবৰৰ বহু সংখ্যক সচেতন ৰাইজ আগবাঢ়ি আহিছে। সেয়ে তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাই ড° গুনাৰাম নাথক সভাপতি আৰু চানী ৰাজখোৱাক সম্পাদক হিচাপে লৈ এখন বিহু উদযাপন সমিতি গঠন কৰিছে। সন্মিলনৰ কাৰ্যসূচীত বিহুৰ লগতে বিভিন্ন শৈক্ষিক প্ৰতিযোগিতা আৰু স্থানীয়, আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। বৃহত্তৰ তিতাবৰৰ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

প্ৰেৰক : অজয় শইকীয়া, বৰহোলা

You might also like