নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সন্দৰ্ভত আজিলৈ মুঠ ২৫ জন গ্ৰেপ্তাৰ; ইয়াৰে ১৩ জন কিশোৰ

  • ডিব্ৰুগড়ৰ দৌলত সিং নেগীৰ অতিশালাত প্ৰায় ১২ ঘন্টা গুৰুত্বপূৰ্ণ বৈঠক
  • প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সন্দৰ্ভত আজিলৈ মুঠ ২৫ জন গ্ৰেপ্তাৰঃইয়াৰে ১৩ জন কিশোৰ
  • অতি শীঘ্ৰেই তদন্ত শেষ হব আৰু সমগ্ৰ চক্ৰটো উৎখাত হবঃআৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

নিয়মীয়া বাৰ্তা, ১৬মাৰ্চঃ “হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত কেৱল চিআইডিৰে নহয়, সমান্তৰাল ভাৱে অসম আৰক্ষীয়েও কৰিছে তদন্ত।” -এই ভাষ্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ।

কালি ডিব্ৰুগড়ৰ দৌলত সিং নেগীৰ অতিশালাত প্ৰায় ১২ ঘন্টা ধৰি হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত আজি সাংবাদিকৰ আগত এনেদৰে সদৰী কৰি কয় যে অসম আৰক্ষীৰ বিভিন্ন অনুসন্ধান তথা তদন্তকাৰী সন্থা সমুহে বিগত তিনি দিন ধৰি প্ৰশ্ন কাকতৰ ফাদিৰ বিষয়ত দিনে-নিশাই কাম কৰি থকা বুলি জানিবলৈ দি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে, মুখ্যমন্ত্ৰী নিৰ্দেশত ডিব্ৰুগড়লৈ অহা বুলি মন্তব্য কৰে।আৰক্ষীৰ সঞ্চালক প্ৰধান সিঙে ডিব্ৰুগড়ত এটা দিন বাহৰ পাতি ডিব্ৰুগড়ৰ লগতে উজনি অসমৰ মাজুলী, শদিয়া, ডিব্ৰুগড়, লক্ষীমপুৰ, ধেমাজি আৰু তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক, বিভিন্ন ইন্টেলিজেঞ্চ এজেঞ্চি, সেনা, চিআৰপিএফৰ বিষয়া সকলক লৈ পুৱাৰে পৰা নিশা প্ৰায় ১০ বজালৈ এক দীঘলীয়া বৈঠকত মিলিত হয়।কালি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ পুৱা ১০ বজাত উপস্থিত হৈ সংশ্লিষ্ট আৰক্ষী বিষয়া সকলৰ সৈতে বৈঠকত মিলিত হৈ মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্তৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ লোৱা লগতে তদন্তত যথেষ্ট ক্ষীপ্ৰতাতে আগবঢ়া বুলি জানিবলৈ দিয়ে। ইতিমধ্যে তিনিচুকীয়া, ডিব্ৰুগড়, শদিয়া, ধেমাজি, লক্ষীমপুৰ, মাজুলীৰ পৰা জব্দ কৰা প্ৰশ্ন কাকত সমুহ পৰীক্ষাৰ বাবে আজি গুৱাহাটীৰ চিআইডিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে বুলি ডিব্ৰুগড়ত জি পি সিঙে সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে।

আৰক্ষীৰ নেগী অতিথিশালাত আয়োজিত সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ইতিমধ্যে অসম আৰক্ষীৰ টিম আছাম হিচাপে কাম কৰি যথেষ্ট আগবাঢ়িছে বুলিও কয়।ইতিমধ্যে এই প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ সন্দৰ্ভত আজিলৈ মুঠ ২৫ জন গ্ৰেপ্তাৰ কৰা বুলি কৈ ইয়াৰ ১৩ জন জুভেইনাল(কিশোৰ)বুলি সদৰী কৰি গ্ৰেপ্তাৰ কৰা সকলক পুনৰ ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি ব্যক্ত কৰে।ইতিমধ্যে এই প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত বিভিন্ন প্ৰান্তত কেইবাজনকো বিভিন্ন স্থানত সোধপোছ কৰাৰ লগতে যথেষ্ট তথ্য সংগ্ৰহ কৰিবলৈকো সক্ষম হোৱা বুলি কয়।আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ভাইৰেল হোৱা প্ৰশ্নকাকত সৰ্বাধিক ৩০০০ টকালৈকে বিক্ৰী হৈছিল বুলি উল্লেখ কৰি ইয়াৰে ৱাটচ এপৰ জৰিয়তে সৰ্বাধিক বিক্ৰী হোৱাৰ লগতে বিনিময়ত ধন সমুহ গুগ’ল পে, ফোন পে ইত্যাদি জৰিয়তে লেনদেন হোৱাৰ কথা জানিবলৈ দিয়ে।আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মেলত প্ৰকাশ কৰা অনুযায়ী ইতিমধ্যে প্ৰায় ছটা মোবাইলৰ পৰা অৰিজিনেল ভাবে পেপাৰ গৈছে আৰু বাকী সমুহ ইজন সিজনৰ পৰা ভাইৰেল হোৱাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে।ইতিমধ্যে এই বিষয়ত আৰু নিখুতভাবে তদন্ত হৈ আছে; আৰু শীঘ্ৰেই বহুতো জালত পৰাৰ সম্ভাৱনা আছে বুলিও দোহাৰে।

প্ৰসংগক্ৰমে ইণ্টাৰনেটৰ কিছু বিসংগতিৰ বাবে তদন্তৰ প্ৰক্ৰিয়াত কিছু লেহেমীয়া হৈছিল যদিও ইতিমধ্যে ফাদিলৰ মুল কেন্দ্ৰবিন্দু ( অভিকেন্দ্ৰ) লাভ কৰিছে বুলিও সজোৰে উল্লেখ কৰি এতিয়াও কেইবাজনো ব্যক্তি পলাতক হৈ থকাৰ বিষয়ে জানিবলৈ দি তেওঁ লোকৰ গতিবিধি সন্দৰ্ভত সকলো তথ্য আৰক্ষী হাতত পৰিছে বুলি কৈ তেওঁলোকক নিজে শাৰীৰিকভাবে নিজ নিজ থানাত উপস্থিত হবলৈ আহ্বান জনায়।অন্যথা আৰক্ষী এই ক্ষেত্ৰত অধিক কঠোৰ হবলৈ প্ৰস্তুত হব বুলিও জানিবলৈ দিয়ে।দিছপুৰৰ পৰা এটা পেকেট এতিয়াও সন্ধানহীন হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে মন্তব্য কৰি এই বিষয়ত তদন্ত অব্যাহত ৰখা বুলি কয়।সেয়ে অসমবাসী ৰাইজক উদ্দেশ্যি কয় যে,অতি শীঘ্ৰেই তদন্ত শেষ হব আৰু সমগ্ৰ চক্ৰটো উৎখাত কৰিব পাৰিব বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মেলত সদৰী কৰে।

আনহাতে গণিত তথা বেলেগ বেলেগ প্ৰশ্ন কাকতো ফাদিলৰ বিষয়টো নজৰ পৰিছে বুলি কৈ সেই সন্দৰ্ভত তদন্ত কৰিবলৈ জিলা সমুহলৈ নিৰ্দেশ দিয়া বুলি কয়।ডিব্ৰুগড়ৰ আৰক্ষীয়ে উচিত তদন্তৰ জৰিয়তে সৰ্বাধিক আটক কৰি গুৱাহাটী চিআইডি কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি ইতিমধ্যে কেইবাজনো লোকক সোধ-পোছ কৰি তেওঁ লোকৰ মোবাইল জব্দ কৰি নজৰত ৰখা বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি সাংবাদিকৰ আগত ডিব্ৰুগড়ত উল্লেখ কৰে।

 

ডিব্ৰুগড়ৰ পৰা ১১ জনক আটক পুৱতি নিশা ডিব্ৰুগড় পৰা গুৱাহাটী চিআইডিলৈ প্ৰেৰণ

ডিব্ৰুগড়ৰ আৰক্ষীয়ে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰে জড়িত অভিযোগত এই প্ৰযন্ত মুঠ ১১ জনক আটক কৰি চিআইডি জিম্মালৈ প্ৰেৰণ কৰিছে।ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে পুৱতি নিশা নিয়া হৈছে আটকাধীন ছাত্র কেইজনকে। ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমীৰ পাঁচ জন একাদশ শ্ৰেণীৰ আৰু তিনি জন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ লগতে ব্ৰহ্মপুত্ৰ ভেলি স্কুলৰ দশম শ্ৰেণীৰ এজন ছাত্ৰ সহ মুঠ ১১ জন ছাত্র আটক কৰি গুৱাহাটীৰ চিআইডি তদন্ত কাৰী জিম্মালৈ প্ৰেৰণ কৰে।আনহাতে ডিব্ৰুগড় ছল্টব্ৰুক একাডেমী অধ্যক্ষ, সঞ্চালক সহ শিক্ষক শিক্ষয়িত্ৰী সকলৰ মোবাইল সমূহো জব্দ কৰাৰ লগতে সঞ্চালক, অধ্যক্ষ সহ কেইবাজনকো সুধপোছ কৰে আৰক্ষী থানাত।আনহাতে ডিব্ৰুগড় সদৰ থানাত গোগামুখ কলেজৰ সহকাৰী অধ্যাপক তথা মৰিধল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এক্সটাৰ্নেল হিচাপে দায়িত্ব লাভ কৰা শশীন্দ্ৰলাল দলেকো সদৰথানাত উৰেনিশা জেৰা কৰি থানাৰ পৰা যাবলৈ দিয়ে। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাৰ পাছতে সমগ্ৰ ৰাজ্য বিভিন্ন প্ৰান্তত আৰক্ষী আৰু চিআইডি তীব্ৰ অভিযান তথা তদন্ত অব্যাহত ৰাখিছিল।তদন্তৰ সময়ত ডিব্ৰুগড় ছল্টব্ৰুক একাডেমিত অধ্যয়নত গোগামুখৰ মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী বিষয়া এজনৰ পুত্ৰ সহ কেইবাজনো ছাত্রৰ ওচৰত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ক্ৰয় – বিক্ৰয় তথ্য লাভ কৰিছিল।ইয়াৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে এজনৰ পাছত এজনকৈ ছাত্র আটক কৰা লগতে ডিব্ৰুগড়ৰ ছল্টব্ৰুক একাডেমিত অধ্যনত ছাত্ৰ কেইজনে নিজ গৃহৰ পৰা একাদশ শ্ৰেণীৰ পৰীক্ষাত অবতীৰ্ণ হোৱাৰ বাবে এডমিট কাৰ্ড লোৱা বাবে সোমবাৰে দিনৰ ভাগত আহি হোষ্টেলত থকা সময়ত নিশা আটক কৰিবলৈ সক্ষম হৈছিল।আনহাতে নিশাৰ ভাগলৈ আৰক্ষীৰ জালত পৰিব লগা হয় ছাত্র কেইজন। ছাত্র কেইজনে নিজ গৃহৰ পৰাই প্ৰশ্ন কাকতৰ বজাৰ মেলি
প্ৰতিখনত ৫০০ পৰা ২০০০ টকা প্ৰযন্ত সংগ্ৰহ কৰাৰ আৰক্ষীয়ে ইতিমধ্যে তথ্য লাভ কৰিছে।তদুপৰি এই ধন লেনদেনৰ সমগ্ৰ তথ্য আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে ডিব্ৰুগড়ত অসম আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বুজ লোৱা লগতে ছাত্র কেইজন কেনেদৰে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত হবলৈ পালে সেই সন্দৰ্ভত বুজ লয়।আনহাতে ঘটনাৰে জড়িত সকল কোনো প্ৰকাৰে সাৰি নাজাব বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে মন্তব্য কৰে।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত কৰিলে প্ৰশ্ন কাকত ফাদিলৰ মুল উৎস পোহৰলৈ অহাৰ লগতে সমগ্ৰ চক্ৰটো উৎখাত হোৱাৰ প্ৰবল সম্ভাৱনা আছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like