নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰাখণ্ডৰ হিমস্খলন : মৃতকৰ সংখ্যা ৯লৈ বৃদ্ধি

বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ উত্তৰকাশীত হিমস্খলনত আবৱদ্ধ হৈ পৰাৰ দুদিন পিছতে আজি আৰু পাঁচটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ২২ জন পৰ্বতাৰোহী। মঙলবাৰে দলটোৱে ছামিটিঙৰ পিছত উভতি অহাৰ সময়ত ১৭ হাজাৰ ফুট উচ্চতাত দ্ৰৌপদী কা দণ্ড দ্বিতীয় শিখৰত আঘাত হানে। নেহৰু ইনষ্টিটিউট অৱ মাউণ্টেইনিঙৰ তথ্য অনুসৰি, হিমস্খলনৰ দিনা চাৰিটা উদ্ধাৰ হোৱাৰ পাছত আৰু ৫টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এতিয়ালৈকে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৯টালৈ বৃদ্ধি পাইছে। ৯টাৰ ভিতৰত ৭টা প্ৰশিক্ষাৰ্থীৰ আৰু দুটা প্ৰশিক্ষকৰ। উত্তৰাখণ্ড আৰক্ষীয়ে বুধবাৰে নিজৰ ফেচবুক পেজত প্ৰকাশ কৰিছিল যে ১০টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ইয়াত ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই (এছইঅ’চি) উদ্ধাৰ কৰা পাঁচটা মৃতদেহৰ হিচাপ নিদিয়াকৈ কয় যে এনআইএমৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষককে ধৰি ৬১জনীয়া অগ্ৰিম প্ৰশিক্ষণ পাঠ্যক্ৰমৰ দলটোৰ ভিতৰত চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, ৩০টা নিৰাপদ আৰু ২৭ জন এতিয়াও সন্ধানহীন। ইয়াৰ পূৰ্বে জম্মু-কাশ্মীৰৰ গুলমাৰ্গত অৱস্থিত হাই এলটিচুড ৱাৰফেয়াৰ স্কুলৰ ১৪জনীয়া এটা দলে নিৰুদ্দেশ হোৱা পৰ্বতাৰোহীক উদ্ধাৰ অভিযানত যোগদান কৰে। উচ্চ উচ্চতাত উদ্ধাৰ অভিযানত বিশেষজ্ঞ দলটোৱে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), ভাৰত-তিব্বতী সীমান্ত আৰক্ষী (আইটিবিপি) আৰু এনআইএমৰ পৰা অহা পৰ্বতাৰোহীসকলে নিৰুদ্দেশ হোৱা পৰ্বতাৰোহীসকলক বিচাৰি উলিওৱাৰ প্ৰচেষ্টাত সহায় কৰিব এছ ই অ’ চিয়ে কয়।

You might also like